মহিলা এছিয়া কাপৰ প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে ১৯.২ অভাৰত ১০৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৪.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০৯ ৰান সংগ্ৰহ কৰে।
পুৰুষ দলটোৰ দৰেই পাকিস্তানৰ মহিলা ক্ৰিকেট দলটো ভাৰতৰ বিৰুদ্ধে অসহায় হৈ পৰিছিল ৷ অনুশীলন মেচ খেলাৰ মনোভাৱত ভাৰতে সহজ জয় লাভ কৰে। ভাৰতীয় দলটোৱে ১০৯ ৰানৰ লক্ষ্যৰে বেট ধৰি জয়লাভ কৰে। স্মৃতি মান্ধনা আৰু শ্বেফালী বাৰ্মাৰ প্ৰথম উইকেট অংশীদাৰিত্বত ৯.৩ অভাৰত ৮৫ ৰান সংগ্ৰহ কৰে। তাৰ দ্বাৰাই ভাৰতীয় দলৰ জয় নিশ্চিত হয় ৷ স্মৃতিয়ে ৩১টা বলত ৪৫ ৰান সংগ্ৰহ কৰে। শ্বেফালীয়ে ২৯টা বলত ৪০ ৰান সংগ্ৰহ কৰে। তিনি নম্বৰ স্থানত ১১টা বলত ১৪ ৰানৰ ইনিংছ খেলিছিল দয়ালন হেমলতাই।
পাকিস্তানৰ সফল বলাৰ ছ্যেদা আৰুব শ্বাহে ৯ ৰানৰ বিনিময়ত ২ উইকেট দখল কৰে। তেওঁ শ্বেফালী আৰু মান্ধানা দুয়োকে আউট কৰে ৷ ভাৰতৰ সফল বলাৰ দীপ্তিয়ে ২০ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে। ৰেনুকাই ২ উইকেট দখল কৰে।