ইমাৰ্জিং এছিয়া কাপত পাকিস্তানক পৰাস্ত কৰে ভাৰতে। যশ ধুলৰ টীমটোৱে ৮ উইকেটত জয়লাভ কৰে। ছাই সুদৰ্শনে ছয় মাৰি মেচখনত জয়যুক্ত কৰে ৷ পাকিস্তানৰ ২০৫ ৰানৰ প্ৰত্যুত্তৰত তেওঁলোকে ৮০টা বল বাকী থকা অৱস্থাত বিজয়ী ৰান সংগ্ৰহ কৰে। সুদৰ্শনে শতক অৰ্জন কৰে।
ভাৰত আৰু পাকিস্তান দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰে। এই মেচত জয়ী হোৱা দলটোৱে গ্ৰুপৰ শীৰ্ষত স্থান লাভ কৰিব। টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰে। কিন্তু আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা হাংগেকাৰে আৰম্ভণিৰে পৰাই উইকেট ল’বলৈ আৰম্ভ কৰে। মাত্ৰ ৯ ৰানত ২ উইকেট হেৰুৱাই পাকিস্তানে। এজন এজনকৈ বেটছমেন ড্ৰেছিং ৰুমলৈ উভতি যায়। পাকিস্তানৰ মিডল অৰ্ডাৰ ভংগ কৰিলে মানৱ সুথাৰে। তেওঁ ৩টা উইকেট দখল কৰে।
৯৫ ৰানত ৬ উইকেট হেৰুৱাই পাকিস্তানৰ মুবাছিৰ খান আৰু কাছিম আক্ৰমে কিছু প্ৰতিৰোধৰ সৃষ্টি কৰে। তেওঁলোকে ৪৩ ৰান সংগ্ৰহ কৰিছিল। মুবাছিক ২৮ ৰানত আউট হোৱাৰ পিছত কাছিমে অলপ সংগ্ৰাম কৰিছিল। তেওঁ ৪৮ ৰান সংগ্ৰহ কৰে। মুবাছিৰৰ উইকেট দখল কৰে নিশান্ত সিন্ধুৱে। কাছিমক ঘূৰাই দিলে হাংগেৰগেকাৰে। মেহৰাণ মুমতাজে নৱম স্থানত বেটিং কৰি ২৫ ৰান সংগ্ৰহ কৰে। তেওঁ অপৰাজিত হৈয়ে থাকে। ২০৫ ৰানত পাকিস্তানৰ ইনিংছ সমাপ্ত হয়।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বেটিং কৰিবলৈ নামি আহি সুদর্শনে আৰম্ভণিৰে পৰাই ভাৰতৰ হৈ খেলখনৰ অগ্ৰগতি লাভ কৰে। আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলা সুদৰ্শনে ১১০টা বলত ১০৪ ৰান সংগ্ৰহ কৰে। তেওঁ ১০টা চাৰি আৰু তিনিটা ছয় মাৰে। সুদৰ্শনে ছয় মাৰি মেচখনত জয়লাভ কৰে। আন এজন অ’পেনাৰ অভিষেক শৰ্মাক ২০ ৰানত আউট হৈছিল যদিও নিকিন তৃতীয় স্থানত আহি ৫৩ ৰান সংগ্ৰহ কৰে। যদিও খেলখনত জয়ী হৈ খেলপথাৰ এৰিব নোৱাৰিলে। সুদৰ্শনৰ সৈতে খেলখন সমাপ্ত কৰে অধিনায়ক যশ ধূলে। ১৯টা বলত ২১ ৰান সংগ্ৰহ কৰে।
এই জয়ে ভাৰতক গ্ৰুপৰ শীৰ্ষত ৰাখিলে। ছেমি ফাইনেলত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব। শ্ৰীলংকা এৰ বিৰুদ্ধে খেলিব পাকিস্তান এ। ২১ জুলাইত অনুষ্ঠিত হ’ব দুয়োখন মেচ। পুৱা ১০ বজাৰ পৰা শ্ৰীলংকা আৰু পাকিস্তানে খেলিব। দুপৰীয়া ২ বজাৰ পৰা ভাৰত-বাংলাদেশ। ২৩ জুলাইত ফাইনেল। সকলো খেল কলম্বোত অনুষ্ঠিত হ’ব।