দুই চিৰবৈৰী ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ বুলিলেই ক্ৰিকেটপ্ৰেমীৰ মাজত দেখা যায় এক সুকীয়া উন্মাদনা ৷ সেয়া পুনৰ এবাৰ প্ৰমাণিত হ’ল আগন্তুক আই চি চি টি-২০ বিশ্বকাপত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচে ৷ এই মেচখনৰ বাবে টিকট মুকলি কৰাৰ কেইমিনিটমানৰ ভিতৰতে সকলো টিকট বিক্ৰী হৈ যায় ৷ অনলাইন বিক্ৰীৰ বাবে মুকলি কৰাৰ প্ৰায় ৫ মিনিটৰ ভিতৰতে এই মেচখনৰ টিকট বিক্ৰী হৈ যায় ৷ এই বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া ৪৫ খন খেলৰ বাবে দুই লাখ টিকট ইতিমধ্যে বিক্ৰী হৈছে ৷
প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত অনু্ঠিত হ’বলগীয়া ক্ৰিকেটৰ এই মহাৰণৰ বাবে ৮ লাখৰো অধিক অনুৰাগীয়ে উপস্থিত হ’ব বুলি আশা কৰা হৈছে ৷ আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ,২০২২ৰ স্থানীয় আয়োজক সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া মিচেল এনৰাইটে কয়, “অনুৰাগীসকলৰ সঁহাৰিয়ে আমাক অধিক উৎসাহিত কৰি তুলিছে ৷ “টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়াত ১৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৷ মেলবৰ্ণ, চিডনী, ব্ৰিছবেন, এডিলেড, জিলং, হোবাৰ্ট আৰু পাৰ্থত অনু্ঠিত হ’ব মেচসমুহ ৷