ৰবিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আৰম্ভ হয়৷
ভাৰতীয় দলটোৱে প্ৰথমখন খেলত ছটা উইকেটেৰে শৃংখলাটোত আধিপত্য বিস্তাৰ কৰে ৷ খেলখনৰ প্ৰতিটো বিভাগতে সুন্দৰ প্ৰদৰ্শন কৰে ভাৰতীয় দলটোৱে ৷ ৱাশ্বিংটন সুন্দৰে চাৰি বছৰৰ পিছত এদিনীয়া ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰি অভূতপূৰ্ব খেল প্ৰদৰ্শন কৰে৷ কিন্তু বিৰাট কোহলীৰ শতকৰ অপেক্ষা আৰু এখন খেললৈ বৃদ্ধি পায় ৷বহু সময় খেলিব নোৱাৰিলে যদিও খেলখনত সুন্দৰ আৰম্ভণি কৰে ঈশান কিষানে ৷
তামিলনাডুৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে খেলখনত তিনিটা উইকেট লৈ সুদীৰ্ঘ চাৰি বছৰৰ অন্তত নিজৰ সুস্থিৰ অৱস্থান প্ৰতিপন্ন কৰে ৷ আনহাতে ২০১৬চনত ভাৰতীয় দলৰ নেতৃত্ব লোৱা বিৰাট কোহলীয়ে প্ৰায় পাঁচ বছৰৰ মূৰত এদিনীয়া শৃংখলাত আনএজন খেলুৱৈৰ নেতৃত্বত খেলপথাৰত নামে ৷ কিন্তু তেওঁ শতক কৰিবলৈ অসমৰ্থ হয় ৷ আনহাতে ঈশান কিষানেও অ’পেনাৰ হিচাপে প্ৰভাৱিত কৰিব নোৱাৰিলে ক্ৰিকেট প্ৰেমীসকলক ৷ কিষানৰ ক্ৰিকেট কেৰিয়াৰত এইখন আছিল তৃতীয়খন এদিনীয়া মেচ ৷ খেলখনৰ অ’পেনাৰ বেটচ্মেন হিচাপে খেলিবলৈ সুবিধা পোৱা স্বত্বেও ৩৬টা বলত ২৮ৰাণ কৰিবলৈ হে সমৰ্থ হয় ঈশান কিষান ৷ যদি চতুৰ্থ খন খেলত শিখৰ ধৱন বা ৰাহুল দ্ৰাবিড়ৰ পুনৰ আগমন ঘটে তেন্তে নিশ্চয়কৈ এইবাৰ খেলৰ বাহিৰ হ’ব লাগিব ঈশান ৷
আনহাতে ভাৰতীয় দলৰ অধিনায়ক হিচাপে পুনৰ উজ্বলিল ৰোহিত শৰ্মা ৷ ৰোহিত সদায়েই এগৰাকীভাল অধিনায়ক হচাপে ক্ৰিকেট প্ৰেমীৰ মৰমৰ ৷ খেলপথাৰত নিজৰ দলটোক সাহস প্ৰদান কৰি বলিঙতো চমক প্ৰদৰ্শন কৰে ৰোহিতে ৷ ৫১টা বলত ১০টা চাৰি আৰু এটা ছয়ৰে খেলখনত মুঠ ৬০ৰাণ কৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷