বহুদিনৰ মূৰত ভাৰতীয় ফুটবল দলে পুনৰ শক্তিশালী দেশৰ বিৰুদ্ধে খেলিবলৈ আগবাঢ়িছে । থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কিংছ কাপত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব ইৰাক। অহা ৭ ছেপ্টেম্বৰত ইৰাকৰ বিৰুদ্ধে ভাৰতে খেলিব। অৱশ্যে সুনীল ছেত্ৰীয়ে হয়তো এই প্ৰতিযোগিতাত খেলিব নোৱাৰিব।পত্নীৰ সন্তান জন্মৰ সময় হোৱাৰ বাবে তেওঁ আগতীয়াকৈ ছুটী বিচাৰিছে ৷
থাইলেণ্ডৰ চিয়াং মাই ষ্টেডিয়ামত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব এই খেলখন। একেদিনাই আয়োজক থাইলেণ্ডে লেবাননৰ বিৰুদ্ধে খেলিব। চাৰিওখন দেশেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । যিয়ে জয়ী হ’ব তেওঁ পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। পৰাজয়ী দল দুটাই ১০ ছেপ্টেম্বৰত তৃতীয় স্থানৰ বাবে বিয়লি ৪ বজাৰ পৰা মেচ খেলিব ৷ একেদিনাই সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল।
প্ৰতিযোগিতাত ইৰাক শীৰ্ষ দল। ফিফাৰ ৰেংকিঙত ৭০ নম্বৰ স্থানত আছে ইৰাক । ইয়াৰ পিছতে ভাৰত। ৯৯ নম্বৰ স্থানত আছে ভাৰত। লেবানন ১০০ নম্বৰ স্থানত আছে। পিছ পৰি আছে আয়োজক থাইলেণ্ড। তেওঁলোকৰ ৰেংকিং ১১৩। ভাৰতে শেষবাৰৰ বাবে ২০১০ চনত ইৰাকৰ বিৰুদ্ধে খেলিছিল। বাগদাদত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীমূলক মেচখনত ০-২ গ’লত পৰাস্ত হয়।
ইয়াৰ লগে লগে ভাৰতে চতুৰ্থবাৰৰ বাবে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কিংছ কাপ প্ৰতিযোগিতাত খেলিছে। শেষবাৰৰ বাবে ২০১৯ চনত খেলিছিল ভাৰতে । প্ৰথমখন খেলত কুৰাছাৱাৰ বিৰুদ্ধে পৰাস্ত হয়। অৱশ্যে তৃতীয় স্থানৰ খেলখনত আয়োজক থাইলেণ্ডক ১-০ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে ১৯৭৭ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়া আদি দেশৰ হাতত পৰাস্ত হয়।