মহিলা হকীত ইতিহাস সৃষ্টি কৰি ভাৰতীয় দলে তিনিবাৰকৈ স্বৰ্ণবিজয়ী বিশ্বৰ দ্বিতীয় স্থানৰ অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। গুৰজিৎ কৌৰে ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিয়ে।
দেওবাৰে পি ভি সিন্ধুৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন আৰু ৪৯ বছৰৰ পাছত ভাৰতীয় পুৰুষ হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশৰ পাছত ভাৰতীয় মহিলা হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশ দেশবাসীৰ বাবে অতি আবেগিক মূহূৰ্ত হিচাপে পৰিগণিত হৈ ৰ’ল।
নায়কৰ ভূমিকাৰে কৌৰে ২২ মিনিটত দিয়া একমাত্ৰ গ’লটোৰ দ্বাৰাই ভাৰতে এই ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হ’ল।
জয়ৰ আগমূহূৰ্তলৈকে কোনো ভাৰতীয়ই এই কথা কল্পনাও কৰা নাছিল আৰু এই জয় ৰূপকথাৰ কাহিনীৰ দৰে বুলি বহু ক্ৰীয়াপ্ৰেমীয়ে মন্তব্য কৰিছে। ১৯৮০ চনৰ পাছত দীৰ্ঘ বিৰতিৰ অন্তত দুয়োটা দলৰ এই প্ৰৱেশে স্বাভাৱিকভাৱেই সকলোকে উৎসাহিত কৰি তুলিছে।
ৰাণী ৰামপালৰ প্ৰতিনিধিত্বত বুধবাৰৰ ছেমি ফাইনেলত ভাৰতীয় দল আৰ্জেণ্টিনাৰ মুখামুখী হ’ব।