মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে প্ৰৱেশৰ দিনটোত আন এক নজিৰ নজিৰ গঢ়িলে দলটোৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ৷ বিশ্বৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে তেওঁ সৰ্বাধিক টি-২০ মেচ খেলাৰ নজিৰ গঢ়ি তুলিছিল। ইয়াৰ উপৰিও টি-২০ ফৰ্মেটত তেওঁ ৩০০০ ৰান সংগ্ৰহ কৰে।
হৰমনপ্ৰীত পুৰুষ আৰু মহিলা উভয়ৰে ১৫০ খন টি-২০ মেচ খেলা প্ৰথমজন ক্ৰিকেটাৰ। টছত জয়ী হোৱাৰ পিছত তেওঁ কয়, ‘মোৰ বাবে এইটো এটা ডাঙৰ সন্মান। দলৰ পৰাও এটা আৱেগিক বাৰ্তা পাইছিলোঁ। বিচিচিআই আৰু আইচিচিক ধন্যবাদ, যিয়ে আমাক ইমানবোৰ মেচ খেলাৰ সুযোগ দিলে।”
টি-২০ত ১৪৩খন মেচ খেলি দ্বিতীয় স্থানত আছে চুজি বেটছ। তৃতীয় স্থানত আছে ইংলেণ্ডৰ ডেনি ৱাট। তেওঁ ১৪১ খন টি-২০ মেচ খেলিছে। পুৰুষ ক্ৰিকেটাৰৰ ভিতৰত প্ৰথম স্থানত আছে ভাৰতৰ ৰোহিত শৰ্মা। তেওঁ ১৪৮খন টি-২০ মেচ খেলিছিল। তেওঁৰ পিছতে আছে শ্বোৱেইব মালিক (১২৪) আৰু মাৰ্টিন গুপটিল ১২২ ৰান।
ইফালে, টি-২০ত ৩০০০ ৰান সংগ্ৰহ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় হৰমনপ্ৰীত। এই মেচৰ পূৰ্বে তেওঁৰ ৭ ৰান কম আছিল। অৰ্লা প্ৰেণ্ডাৰগাষ্টৰ পৰা এটা ৰান কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে। পুৰুষৰ ভিতৰত ৰোহিত আৰু বিৰাট কোহলীয়ে ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰিছে ।