আজি পঞ্জাৱৰ মোহালিত শ্ৰী লংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট মেচখনেই হ’ল ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ খেলুৱৈ জীৱনৰ অভিলেখকাৰী শততম টেষ্ট মেচ ৷ ১০০খন টেষ্ট মেচ খেলি ইতিহাস ৰচনা কৰিবলৈ অগ্ৰসৰ হোৱাৰ শুভ মূহুৰ্তত খেলুৱৈ গৰাকীক মেচ আৰম্ভ হোৱাৰ প্ৰাক মূহুৰ্তত খেলপথাৰতে সন্মান জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰাক্তন তাৰকা খেলুৱৈ ৰাহুল দ্ৰাবিড়ে ৷এই ঐতিহাসিক সময় খিনিত খেলপথাৰত বিৰাটৰ কাষত উপস্থিত আছিল খেলুৱৈ গৰাকীৰ পত্নী অনুষ্কা,কন্যা ৱামিকা আনহাতে ষ্টেণ্ডত উপস্থিত আছিল বিৰাট কোহলীৰ মাতৃ আৰু ভাতৃও ৷
কিন্তু খেলপথাৰত অনুষ্কাৰ উপস্থিতিত ক্ষুব্ধ হৈছে বিৰাটৰ বহু অনুৰাগী আৰু তাকে লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু অনুৰাগীয়ে ৷ সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপিত হৈছে যে বিৰাট কোহলীৰ স’তে খেলপথাৰত কিয় উপস্থিত আছিল অনুষ্কা?
অৱশ্যে তাৰকা খেলুৱৈ গৰাকীয়ে তেওঁৰ জীৱনৰ এই ঐতিহাসিক সময় খিনিত তেওঁৰ পত্নী-কন্যা ,মাতৃ আৰু ভাতৃৰ উপস্থিতিয়ে তেওঁক যথেষ্ট সুখী কৰা বুলি তেওঁৰ ভাষ্যত প্ৰকাশ কৰে আৰু তেওঁৰ শৈশৱৰ প্ৰশিক্ষক গৰাকীকো এই ছেগতে ধন্যবাদ জ্ঞাপন কৰে ৷ জীৱনৰ ১০০তম মেচখন আৰম্ভ হোৱাৰ প্ৰাকমূহুৰ্তত বলিউডৰ মোহময়ী অভিনেত্ৰী তথা প্ৰিয়তমা পত্নী অনুষ্কাৰ স’তে ফট’ উঠি ঐতিহাসিক সময়খিনিক ধৰি ৰখাৰ প্ৰয়াস কৰে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে