ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মহিলা ক্ৰিকেট দলটোৱে । উল্লেখযোগ্য যে যোৱা ২৭ ছেপ্তেম্বৰত অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা অন্তিম এদিনীয়া মেচখনত জয় লাভ কৰিছে এই মহিলা ক্ৰিকেট দলটোৱে দলে। মহিলা দলটোৱে এই তীব্র উত্তেজনাপূর্ণ মেচখনত জয়লাভ কৰি দৰ্শকক এক ৰোমাঞ্চকৰ সোৱাদ দিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হোৱা মেচখনত ঘৰুৱা দল অষ্ট্রেলিয়াক মিতালী ৰাজ নেতৃত্বাধীন দলটোৱে ২ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ উক্ত মেচখনত ভাৰতৰ সন্মুখত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্রত্যাহ্বান আছিল ২৬৫ ৰানৰ। এই লক্ষ্য আগত ৰাখি ভাৰতে ৮ উইকেটৰ বিনিময়ত তিনিটা বল বাকী থকা অৱস্থাত জয়ৰ মুখ দেখে ৷
প্ৰাপ্ত তথ্য অনুসৰি নৱাগত খেলুৱৈ য়াষ্টিকা ভাটিয়াই সর্বাধিক ৬৪ ৰান লয় উক্ত মেচখনত । ইয়াৰ উপৰিও শেফালি বার্মাই ৬৫, দীপ্তি শর্মাই ৩১, স্নেহ ৰাণাই ৩০ আৰু স্মৃতি মান্ধানাই ২২ ৰানৰ অৰিহণা আগবঢ়ায় ৷ উল্লেখযোগ্য যে প্রথম উইকেটতে শেফালি আৰু মান্ধানাই ৫৯ ৰান যোগ দি ভাৰতৰ জয়ৰ ভেটি সুদৃঢ় কৰিছিল। ইয়াৰ উপৰিও ভাৰতৰ হৈ ঝুলন গোস্বামী আৰু পূজা ভাষ্ট্রাকাৰে তিনিটা আৰু স্নেহ ৰানাই এটা উইকেট পায়৷
আনহাতে অষ্ট্রেলিয়াই নির্ধাৰিত ৫০ অ’ভাৰত ৯ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অষ্ট্রেলিয়াই ২–১ৰ ব্যৱধানত শৃংখলাটো দখল কৰিছিল। ভাৰতে ইতিমধ্যে চমকপ্রদ জয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।