প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মঙলবাৰে উদযাপন কৰে ৪৯ সংখ্যক জন্মদিন ৷ দ্যা বর্ড অৱ কনট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)-ই এই উপলক্ষে কিংবদন্তী বেটছমেন গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷ এক শুভেচ্ছা বার্তাত বি চি চি আইয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিলেখসমূহ সন্নিবিষ্ট কৰি শুভকামনা জ্ঞাপন কৰে ৷
ভাৰতৰ হৈ ১৬৪ খন টেষ্ট, ৩৪৪ খন এদিনীয়া আৰু এখন টি-২০ খেলা দ্ৰাবিড়ক ক্ৰিকেট ক্ষেত্ৰৰ তাৰকাসকলৰ লগতে অনুৰাগীসকলে শুভেচ্ছাৰে ওপচাই পেলাইছে ৷ শচীন তেণ্ডুলকাৰে টুইটাৰত নিজৰ পিঠিত ৰাহুল ড্ৰাৱিড়ক উঠাই কোনো মেচত ৰোমাঞ্চকৰ বিজয়ৰ আনন্দ উদযাপন কৰা এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷
উল্লেখ্য যে দ্ৰাবিড় হৈছে এদিনীয়া মেচত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰ ৷ ৩৪০ খন এদিনীয়া মেচত তেওঁ ৩৯.১৫ গড় ৰান হিচাপে মুঠ ১০,৭৮৬ ৰাণ সংগ্ৰহ কৰে। অৱশ্যে টেষ্ট মেচত তেওঁ ১৬৩ খন খেলত ৫২.৬৩ গড়ে ১৩,৬২৫ ৰাণ সংগ্ৰহ কৰিছে ৷সামগ্ৰিকভাৱে তেওঁ এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। আটাইতকৈ সুৰক্ষিত ফিল্ডাৰ হিচাপে গণ্য কৰা দ্ৰাবিড়ে সামগ্ৰিকভাৱে ৩৩৬ টা কেচ লৈ তেওঁৰ কেৰিয়াৰ সমাপ্ত কৰে ৷ভাৰতৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰে ৰাহুল ড্ৰাৱিড়ক শুভেচ্ছা জ্ঞাপন কৰি কয় “অধিনায়ক, , অপেনাৰ, উইকেট কিপাৰ, আইচিচি ইভেণ্ট বিজয়ী প্ৰশিক্ষক, এনচিএৰ প্ৰাক্তন মুৰব্বী আৰু বৰ্তমান ভাৰতৰ প্ৰশিক্ষক। এইসমূহৰ উপৰি আপুনি এজন মহান ব্যক্তি। আপোনালৈ জন্মদিনৰ শুভেচ্ছা।“