ভাৰতীয় পুৰুষ আৰু মহিলা দলে টেবুল টেনিছৰ ক্ষেত্ৰখনত ইতিহাস ৰচনা কৰিছে ৷প্ৰথমবাৰৰ বাবে দলীয় শাখাত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতে । বুছানত অনুষ্ঠিত হোৱা আইটিটিএফ বিশ্ব টেবুল টেনিছ দল প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতো অলিম্পিকত নিজৰ স্থান দখল কৰিছে ভাৰতে ৷
২০০৮ চনৰ বেইজিং অলিম্পিকত প্ৰথমবাৰৰ বাবে টেবুল টেনিছৰ বাবে দলীয় শাখা অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ পিছত ভাৰতে কোনো অলিম্পিকৰ বাবে দলীয় শাখাত যোগ্যতা অৰ্জন কৰিব পৰা নাছিল। ৪ মাৰ্চত পেৰিছ অলিম্পিকত কোন কেইখন দেশে দলীয় শাখাত খেলিব তাৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব যদিও ভাৰতে শেষ স্থান দখল কৰাটো নিশ্চিত হৈছে ৷
বুছানত ভাৰতৰ পুৰুষ দলৰ নেতৃত্ব দিয়ে ১০ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন সাৰথ কমলে। কিন্তু অন্তিম ষোল্ল নম্বৰ মেচত দক্ষিণ কোৰিয়াৰ হাতত ০-৩ গ’লত পৰাস্ত হৈছিল ভাৰত । চীনৰ টাইপেইৰ হাতত ১-৩ গ’লত পৰাস্ত হয় ভাৰতীয় মহিলা দল।
বুছানত ১৬টা দলে অংশগ্ৰহণ কৰে। তাৰে দুটা ৰাউণ্ডত জয়ী হ’লে পেৰিছ অলিম্পিকৰ বাবে স্থান নিশ্চিত। ভাৰতে এনেদৰেই পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰে ৷