বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙত উন্নত স্থানলৈ আগবাঢ়িল ভাৰত। ৰাঁচীত ইংলেণ্ডক আজি টেষ্ট শৃংখলাত পৰাস্ত কৰাৰ ফলত ৰোহিত শৰ্মাৰ দলৰ পইণ্ট বৃদ্ধি পায়। তাৰ লগতে পইণ্টৰ শতাংশও বৃদ্ধি পাইছে। অৰ্থাৎ ভাৰতে দ্বিতীয় স্থানত থাকিও শীৰ্ষত থকা নিউজিলেণ্ডৰ সৈতে ব্যৱধান কম কৰিবলৈ সক্ষম হৈছে ৷
ৰাজকোটত জয়লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয় স্থানলৈ উন্নীত হৈছে ৷ ৰাঁচীত জয়ী হোৱাৰ পিছতো তেওঁলোক একে স্থানত আছে। কিন্তু পইণ্ট বাঢ়ি গ’ল। ২০২৩–২৫ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পৰ্যায়ত ভাৰতে ৮ খন টেষ্টৰ ভিতৰত ৫ খন টেষ্টত জয়লাভ কৰিছে। ২ খনত পৰাজিত হৈছে । এখন টেষ্ট ড্ৰ’ হৈছে। তেওঁলোকৰ পৰা ২ পইণ্ট কৰ্তন কৰা হয়। অৰ্থাৎ এতিয়া ভাৰতৰ পইণ্ট ৬২। পইণ্টৰ শতকৰা হাৰ হৈছে ৬৪.৫৮। এই শতাংশ পইণ্টৰ ওপৰত ভিত্তি কৰিয়েই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুল গণনা কৰা হয়।
নিউজিলেণ্ড এতিয়াও শীৰ্ষত আছে। ৪ খন টেষ্টৰ ভিতৰত ৩ খনত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজিত হৈছে ৷কেন উইলিয়ামছনৰ পইণ্ট ৩৬ যদিও তেওঁলোকৰ শতাংশ ৭৫.০০। অষ্ট্ৰেলিয়া তৃতীয় স্থানত আছে। ১০ খন টেষ্টৰ ভিতৰত ৬ খন টেষ্টত জয়লাভ কৰে। ৩ খনটেষ্টত পৰাস্ত। তেওঁলোকৰ পইণ্টৰ শতাংশ ৫৫.০০।
এই তালিকাত বাংলাদেশ আৰু পাকিস্তান ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত আছে। বাংলাদেশ পইণ্ট ১২। পইণ্টৰ শতকৰা হাৰ ৫০.০০। পাকিস্তানৰ পইণ্ট (২২) বাংলাদেশতকৈ বেছি যদিও পইণ্টৰ শতকৰা হাৰ কম (৩৬.৬৬)।