ভাৰতৰ মহিলা কম্পাউণ্ড দলে একেৰাহে তৃতীয়বাৰৰ বাবে আৰ্চাৰী বিশ্বকাপত সোণৰ পদক লাভ কৰে। দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত তুৰস্কক ২৩২-২২৬ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি জ্যোতি সুৰেখা ভেনম, পৰনীত কৌৰ আৰু অদিতি স্বামীয়ে সোণৰ পদক লাভ কৰে।
এইবাৰ বিশ্বকাপত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে জ্যোতি, পৰনীত আৰু অদিতিয়ে। গ্ৰুপ পৰ্যায়ত দ্বিতীয় স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে দলটোৱে। ইয়াৰ পিছত ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত বাই লাভ কৰে। ছেমি ফাইনেলত তেওঁলোকে আমেৰিকাক ২৩৩-২২৯ পইন্টত পৰাস্ত কৰে। ইয়াৰ পিছত ভাৰতীয় দল জ্যোতি, পৰনীত, অদিতিয়ে ফাইনেলত তুৰস্কক ৬ পইণ্টেৰে পৰাস্ত কৰি হেট্ৰিক অৰ্জন কৰি বিশ্বকাপ জয় কৰে।
দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ পূৰ্বে ভাৰতে মহিলা দলৰ কম্পাউণ্ড আৰ্চাৰী বিশ্ব ৰেংকিঙত এক নম্বৰ স্থানত আৰোহণ কৰিছিল। একেৰাহে তৃতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰি ভাৰতৰ শীৰ্ষ স্থান সুদৃঢ় কৰিছে। উল্লেখযোগ্য যে ব্যক্তিগত শাখাতো অদিতি বিশ্ব চেম্পিয়ন হৈ পৰিছে।
ছাংহাইত প্ৰথম বিশ্বকাপ, পেৰিছত দ্বিতীয় বিশ্বকাপৰ পিছত য়েচেয়নত অনুষ্ঠিত তৃতীয় বিশ্বকাপতো তেওঁলোকে সোণৰ পদক লাভ কৰে। ভাৰতীয় ধনুৰ্বিদ্যাৰ ইতিহাসত এয়াই প্ৰথম এনে সফলতা। মিক্সড ডাবলছতো সোণৰ পদক লাভ কৰাৰ সুযোগ আছে। কিন্তু বিশ্বৰ এক নম্বৰ ভাৰতীয় পুৰুষৰ কম্পাউণ্ড দলটোৱে এইবাৰ পদক অবিহনে থাকিব লগা হ’ল। ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত পৰাস্ত হয়।