এছিয়া কাপৰ খেল চাবলৈ জয় শ্বাহক পাকিস্তানলৈ আমন্ত্ৰণ জনোৱা হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জনক আমন্ত্ৰণ জনাইছে। ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। প্রতিযোগিতাৰ প্রথমখন খেল পাকিস্তানৰ মুলতানত অনুষ্ঠিত হ’ব৷ সেই মেচখনৰ বাবে জয় শ্বাহক নিমন্ত্ৰণ কৰা হৈছে।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কয় যে তেওঁলোকে ক্ৰিকেট কাউন্সিল অৱ এছিয়াৰ সৈতে জড়িত সকলো ব’ৰ্ডৰ বিষয়াক আমন্ত্ৰণ জনাইছে। সেয়ে বি চি চি আইৰ সম্পাদক জয় শ্বাহেও নিমন্ত্ৰণ লাভ কৰিছে । এক সূত্ৰৰ মতে, ডাৰবানত অনুষ্ঠিত আইচিচিৰ বৈঠকৰ সময়ত জয় শ্বাহক মৌখিকভাৱে আমন্ত্ৰণ জনাইছিল পাকিস্তানৰ ব’ৰ্ডৰ মুৰব্বী জাকা আশ্ৰফে। এই নিমন্ত্ৰণ আনুষ্ঠানিকভাৱে জয় শ্বাহক প্ৰদান কৰা হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জয় শ্বাহে এই নিমন্ত্ৰণ গ্ৰহণ কৰিছে। অৱশ্যে ভাৰতীয় ব’ৰ্ডে ইয়াক অস্বীকাৰ কৰিছে।
এইবাৰ এছিয়া কাপৰ আয়োজন কৰিছে পাকিস্তানে। কিন্তু ভাৰতীয় ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে যোৱা বছৰ অৱগত কৰিছিল যে ভাৰতীয় ক্ৰিকেট দল এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। এছিয়া ক্ৰিকেট কাউন্সিলৰ মুৰব্বী জয় শ্বাহে আন এখন দেশত এছিয়া কাপ অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে। স্বাভাৱিকতে পাকিস্তানে তেওঁৰ বক্তব্য সমর্থন কৰা নাছিল ৷ তেওঁলোকে হুংকাৰ দিয়ে যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে তেন্তে বাবৰ আজম দলৰ অবিহনে ভাৰতে বিশ্বকাপ আয়োজন কৰিব লাগিব।
যদিও শেষত এছিয়া কাপৰ আয়োজন কৰিছে যুটীয়াভাৱে পাকিস্তান আৰু শ্ৰীলংকাই। ভাৰতীয় দলৰ সকলো খেল শ্ৰীলংকাত হ’ব। এছিয়া কাপৰ প্ৰথমখন খেল পাকিস্তানত অনুষ্ঠিত হ’ব। পাকিস্তানত মুঠ চাৰিখন খেল অনুষ্ঠিত হ’ব। বাকী সকলো খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।