এইবাৰ আই পি এলত অপৰাজিত হৈ আছিল কলকাতা নাইট ৰাইডাৰ্ছ। কিন্তু সোমবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাস্ত হয়। চেন্নাইক পৰাস্ত কৰিলে কেকেআৰে লীগৰ শীৰ্ষত উঠিবলৈ সুযোগ পাইছিল। কিন্তু শ্ৰেয়াছ আয়াৰে সেই সুযোগ হেৰুৱাই পেলালে। লীগ টেবুলৰ দ্বিতীয় স্থানত থাকি গ’ল কে কে আৰ।
সকলো দলেই আই পি এলত চাৰিখন বা তাতকৈ অধিক খেল খেলিছে। সোমবাৰৰ খেলখনৰ পাছতে লীগৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ। এই পৰ্যন্ত অপৰাজিত অভিলেখ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। চাৰিখন মেচত ৮ পইণ্ট লাভ কৰি শীৰ্ষত আছে সঞ্জু চেমছনৰ দল। চাৰিখন খেলত ৬ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে কলকাতা। যদিও নেট ৰান ৰেটত তেওঁলোক ৰাজস্থানতকৈ আগবাঢ়ি আছে। তৃতীয় স্থান লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। চাৰিখন মেচত ৬ পইণ্ট লাভ কৰিছে। চতুৰ্থ স্থানত আছে চেন্নাই ছুপাৰ কিংছ। পাঁচখন মেচত ৬ পইণ্ট লাভ কৰে।
পইণ্ট তালিকাত পঞ্চম স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। ষষ্ঠ স্থানত পঞ্জাব কিংছ। সপ্তম স্থানত আছে গুজৰাট টাইটানছ। এই তিনিটা দলে ৪টাকৈ পইণ্ট লাভ কৰে। হায়দৰাবাদ আৰু পঞ্জাবে চাৰিখনকৈ খেল খেলিছিল। গুজৰাটে পাঁচখন খেল খেলিছিল।
লীগ তালিকাৰ শেষৰ তিনিটা দল হৈছে মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছ। এই তিনিটা দলে ২ পইণ্টকৈ লাভ কৰে। এই পৰ্যন্ত মুম্বাইয়ে চাৰিখন খেল খেলিছে। বেংগালুৰু আৰু দিল্লীয়ে পাঁচখনকৈ মেচ খেলিছে।
মঙলবাৰে পঞ্জাৱ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচ। এই দুটা দলৰ মাজত যিয়ে জয়ী হ’ব তেওঁ ৬ পইণ্ট লাভ কৰিব। ৰান ৰেটৰ ক্ষেত্ৰত চেন্নাইৰ পৰা বহু পিছ পৰি থকা নাই হায়দৰাবাদ। ফলত মঙলবাৰে জয়ী হ’লে চেন্নাইক শীৰ্ষস্থান দখল কৰি চতুৰ্থ স্থানলৈ আহিব পাৰে।