চেন্নাই ছুপাৰ কিংছ এইবাৰ আইপিএলৰ প্লে’ অফত প্ৰৱেশ কৰিব নোৱাৰিলে। ইয়াৰ পাছতে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ পুনৰ চর্চা আৰম্ভ হৈছে ৷ সচাঁকৈয়ে ধোনীয়ে অৱসৰ ল’ব নেকি? তেওঁৰ অৱসৰ সন্দৰ্ভত কি ক’লে চেন্নাই ছুপাৰ কিংছে?
বেংগালুৰুৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ হোৱাৰ পাছত হতাশ হৈ পৰিছিল ধোনী। লগে লগে বাংগালুৰু এৰি ৰাঁচীলৈ গৈছে ধোনী। চেন্নাই ছুপাৰ কিংছৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি ধোনীয়ে অৱসৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে কেইমাহমান অপেক্ষা কৰিব বিচাৰে।
সংবাদ মাধ্যমৰ আগত বিষয়াগৰাকীয়ে কয় যে ধোনীয়ে চেন্নাইৰ কাকো অৱসৰ ল’ব বুলি কোৱা নাই। মেনেজমেণ্টৰ পৰা কেইমাহমান সময় ল’ব বিচাৰিছে । ইয়াৰ পিছত তেওঁ অৱসৰৰ সিদ্ধান্ত ল’ব। এই বিষয়ত চেন্নাইয়ে খৰখেদা কৰিব নিবিচাৰে। সমগ্ৰ সিদ্ধান্ত ধোনীৰ ওপৰত এৰি দিছে। অহাবাৰ আই পি এলৰ ডাঙৰ নিলাম অনুষ্ঠিত হ’ব । তাৰ আগতেই হয়তো ধোনীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে মেনেজমেণ্টক অৱগত কৰিব পাৰে।
যোৱা বছৰৰ পৰাই ধোনী আঘাতৰ বাবে জুৰুলা হৈ আহিছে। এইবাৰ আই পি এলৰ পূৰ্বে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছে । এতিয়াও মাজে মাজে আঘাতৰ বাবে সমসস্যাৰ সন্মুখীন হৈছে ৷ মেচৰ পূৰ্বে আৰু পিছত আঁঠুত বৰফৰ পেক এটা লৈ খোজকাঢ়ি যোৱা দেখা যায় ধোনীক। চেন্নাইত পাঁচবাৰৰ ট্ৰফী বিজয়ী অধিনায়কগৰাকীয়ে সকলো কথা চিন্তা কৰি সিদ্ধান্ত ল’ব বিচাৰিছে।