শনিবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনাৰ আগজাননী দিয়া হৈছে । শুকুৰবাৰে সন্ধিয়া বাৰ্বাডোছত বৰষুণ আৰম্ভ হৈছে ৷ একুৱেদাৰৰ আগজাননী অনুসৰি শনিবাৰেও বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ ফলত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচত প্ৰভাৱ পৰিবনে?
বাৰ্বাডোছত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ বিশ্বকাপৰ ফাইনেল খেল । ভাৰতীয় সময় অনুসৰি এই খেলখন নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা। বাৰ্বাডোছত সময় হ’ব পুৱা ১০.৩০ বজা। একুৱাৱেদাৰৰ তথ্য অনুসৰি বাৰ্বাডোছত পুৱা ১০ বজালৈকে বৰষুণৰ সম্ভাৱনা ২৯ শতাংশ। দুপৰীয়া ১২ বজাৰ পিছত এই সম্ভাৱনা ৩৫ শতাংশলৈ বৃদ্ধি পাব। সেই সম্ভাৱনা ঘণ্টাৰ ভিতৰতে অধিক বৃদ্ধি পাব। ১ বজাৰ পৰা বৰষুণৰ সম্ভাৱনা ৫১ শতাংশ। শনিবাৰে বজ্ৰপাতৰ সম্ভাৱনা আছে। সমগ্ৰ দিনটোৰ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ হ’ব।
শনিবাৰে যদি বাৰ্বাডোছত বৰষুণ হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ফাইনেলৰ বাবে এদিন ৰিজাৰ্ভ ডে ৰখা হয়। যদি কোনো কাৰণত শনিবাৰ সম্পূৰ্ণৰূপে খেলা নহয় বা চুটি খেল হয় তেন্তে দেওবাৰে সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু দুয়োটা দিনতে খেল আয়োজন কৰিব নোৱাৰিলে দুয়োটা দলে যৌথভাৱে ট্ৰফী লাভ কৰিব। দক্ষিণ আফ্ৰিকাই নেখেলাকৈয়ে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ সুযোগ পাব।
কিন্তু ‘টাই’ৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে। তেনে ক্ষেত্ৰত ই ছুপাৰ অভাৰ হ’ব। যদি প্ৰথম ছুপাৰ অভাৰটো ‘টাই’ হয়, তেন্তে দ্বিতীয়টো ছুপাৰ অভাৰ হ’ব। যেতিয়ালৈকে মেচ নিষ্পত্তি হ’ব, তেতিয়ালৈকে ছুপাৰ অভাৰ চলি থাকিব।
ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰে ভাৰতে। সেই মেচত বৰষুণে বিঘ্নিত কৰে । ভাৰতীয় দলটো গিয়ানাৰ পৰা সেই মেচখন খেলি বাৰ্বাডোছলৈ আহিছিল। আনহাতে দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰে। ট্ৰিনিদাদৰ পৰা বাৰ্বাডোছলৈ আহিছে দক্ষিণ আফ্ৰিকা। কোনে জয় কৰিব এইবাৰৰ ট্ৰফী ? অপেক্ষা মাথো কেইঘণ্টামানৰ !