অৱশেষত ফুটবলৰ পৰা বিদায় ল’লে ইটালীৰ কিংবদন্তি গ’লৰক্ষক জিয়ানলুইজি বুফনে। বুধবাৰে ছ’চিয়েল মিডিয়াত তেওঁ এই কথা ঘোষণা কৰে ৷
১৯৯৭ চনত ইটালীৰ ৰাষ্ট্ৰীয় দলৰ হৈ বুফনে অভিষেক ঘটায়। তেওঁ দেশৰ জাৰ্চি পিন্ধি ১৭৬খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তাৰ ভিতৰত ২০০৬ চনত ফ্ৰান্সৰ বিৰুদ্ধে বিশ্বকাপ জয় কৰে ৷ ২০১২ চনৰ ইউৰোতো ৰানাৰ্ছ ইটালী দলৰ সদস্য আছিল বুফন । ক্লাব ফুটবলত তেওঁ জুভেন্টাছৰ হৈ উল্লেখনীয় সফলতা লাভ কৰিছিল ৷ দুবাৰৰ চেম্পিয়নছ লীগৰ ৰানাৰ্ছ আপ। কপা ইটালিয়াই ৫ বাৰ জয়লাভ কৰে। পাৰ্মাৰ হৈ এবাৰ কপা ইটালিয়া, ইউএফএ কাপ জয় কৰে ।
ছচিয়েল মিডিয়াত বুফনে লিখিছে,-“এইবাৰ মই স্তব্ধ হৈ পৰিলো ৷ তুমি মোক সকলো দিলা। মইও মোৰ শ্ৰেষ্ঠ খেল দিলোঁ। অৱসৰৰ সময় আহি পৰিছে।”