ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত আন এক অভিলেখৰ গৰাকী হ’ল ভাৰতৰ অভিজ্ঞ মহিলা পেচ বলাৰ ঝুলন গোস্বামী ৷ বুধবাৰে মহিলাৰ এদিনীয়াত ২৫০ টা উইকেট দখল কৰা ইতিহাসৰ প্ৰথম জন বলাৰ হিচাপে পৰিগণিত হয় গোস্বামী । মাউণ্ট মাউনগানুইৰ বে ওভেলত অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে খেলা ১৯৯ সংখ্যক এদিনীয়া খেলত ঝুলনে এই কৃতিত্ব অৰ্জন কৰে। ঝুলনে ইংলেণ্ডৰ টেমি বিউমান্থক আউট কৰি যুগান্তকাৰী অভিলেখ ৰচনা কৰে ৷ ভাৰতৰ অভিজ্ঞ খেলুৱৈগৰাকী ইতিমধ্যে মহিলাৰ এদিনীয়া খেলত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে সুখ্যাতি অর্জন কৰিছে ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ কেথ্ৰিন ফিটজপেট্ৰিক মহিলাৰ এদিনীয়াত সৰ্বাধিক উইকেট দখল কৰা মহিলা ক্ৰিকেটাৰৰ তালিকাত দ্বিতীয় স্থানত আছে ৷ তেওঁ বর্তমানলৈ ১৮০ টা উইকেট দখল কৰিছে ৷