দেওবাৰে সন্ধিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শেহতীয়া সংস্কৰণৰ সামৰণি পৰে ৷ৰাজস্থান ৰয়েলছক ৭টা উইকেটত পৰাস্ত কৰি অভিষেক ঘটোৱা গুজৰাট টাইটানছে এই সন্মানীয় খিতাপ দখল কৰে। সন্মুখৰ পৰা দলটোক নেতৃত্ব দি ফ্ৰেঞ্চাইজিৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ৷
আগশাৰীৰ ৰাণ স্ক’ৰাৰ হিচাপে অন্ত পেলোৱা ষ্টাৰ অপেনাৰ জোছ বাটলাৰে প্ৰায় প্ৰতিটো ব্যক্তিগত সন্মান ঘৰলৈ লৈ গৈছিল, য’ত আছিল নগদ পুৰস্কাৰ ৷ ৮৬৩ ৰাণেৰে ছিজনটো সমাপ্ত কৰা বাটলাৰে ছটা ব্যক্তিগত পুৰস্কাৰ আৰু মুঠ নগদ ষাঠি লাখ টকা লাভ কৰে।প্ৰতিযোগিতাখনৰ সময়ছোৱাত বাটলাৰে মুঠ ৪৫টা ছিক্স আৰু ৮৩ টা ফ’ৰ কোবাই ৷ এই অবিশ্বাস্য কৃতিত্বৰ বাবে তেওঁক ২০,০০,০০০ টকাৰে পুৰস্কৃত কৰা হৈছিল। তদুপৰি বাটলাৰে ছিজনৰ গেমচেঞ্জাৰ হোৱাৰ বাবে অতিৰিক্ত ১0,00,000 টকাৰে পুৰস্কৃত কৰা হয়। ছিজনৰ পাৱাৰ প্লেয়াৰ হোৱাৰ বাবে তেওঁক আৰু ১০,০০,০০০ টকা দিয়া হৈছিল।
তেওঁ অৰেঞ্জ কেপ জয় কৰাৰ বাবে ১০,০০,০০০ টকা আৰু ছিজনৰ আটাইতকৈ মূল্যৱান খেলুৱৈ হোৱাৰ বাবে আৰু ১০,০০,০০০ টকা লাভ কৰে ৷ গুজৰাট টাইটানছৰ স্পীডষ্টাৰ লকি ফাৰ্গুচনে ফাইনেলত স্পীড’মিটাৰত ১৫৭.৩ কিলোমিটাৰ প্ৰতি ঘণ্টাত ডেলিভাৰী বলিং কৰে। এইটোৱেই আছিল ছিজনৰ আটাইতকৈ দ্ৰুত ডেলিভাৰী, যিয়ে তেওঁক ১০,০০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰাত সহায় কৰিছিল। উমৰাণ মালিকক ছিজনৰ উদীয়মান খেলুৱৈ হিচাপে সন্মানিত কৰা হয় আৰু ১০,০০,০০০ টকা লাভ কৰে ৷
ছিজনৰ আগশাৰীৰ উইকেট গ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰা উজবেন্দ্ৰ চাহালে ১০,০০,০০০ টকা লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছক প্লে অফৰ দৌৰৰ পৰা বাহিৰ কৰি দিয়া ইভিন লুইছৰ কেচটো ছিজনৰ শ্ৰেষ্ঠ কেচ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ লাভ কৰিছে নগদ ১০,০০,০০০ টকা ৷ দলৰ ক্ষেত্ৰত ৰাজস্থান ৰয়েলছক ৰানাৰ্ছ আপ হিচাপে ১২.৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধন অৰ্পণ কৰা হয়। ইফালে চেম্পিয়ন গুজৰাটে লাভ কৰিলে ২০ কোটি টকা । হাৰ্দিক পাণ্ডিয়াক ছিজনৰ পাঞ্চ ষ্ট্ৰাইকাৰ হিচাপে সন্মানিত কৰা হৈছিল, যাৰ বাবে তেওঁ টাটা পাঞ্চ গাড়ীখন লাভ কৰিছিল ৷