ৰঙিয়া মহকুমাৰ অন্তৰ্গত হেমদোলত ‘ৰঙিয়া জিলা কাৰাটে এছোছিয়েশ্যন’ৰ সহযোগত আৰু ‘আকাশ ষ্পৰ্টচ একাডেমী’ৰ উদ্যোগত ৰঙিয়াৰ সমীপৰ হেমদোল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এটি কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় ৷ ৰঙিয়াৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান “আকাশ”ৰ ক্ৰীড়াক সমাজ জীৱনৰ অংশ হিচাবে প্ৰাধান্য দিয়াৰ বাবে উদ্যোগী সংস্থা ” আকাশ ষ্পৰ্টচ একাডেমী” ৰ উদ্যোগত আৰম্ভ কৰা “কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ”টোৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় খেলুৱৈ আৰু অসম কাৰাটে এছোছিয়েশ্যনৰ যুটীয়া সম্পাদক তথা ৰঙিয়া কাৰাটে এছোছিয়েশ্যনৰ সম্পাদক চৈয়দ মাজহাৰুল ইছলামে ৷ চহৰত সুযোগ সুবিধা বেছি যদিও বেছিভাগ গাঁৱৰ পৰা যোৱা প্ৰতিভাইহে ক্ৰীড়া জগতখন উজলাই ৰাখিছে বুলি বক্তব্য ৰাখি তেখেতে শিক্ষাৰ্থীসকলক উদ্বোদ্ধ কৰে ৷ ড্ৰাগচৰ দৰে নিচাসক্ত সামগ্ৰীয়ে সমাজৰ যুৱচামক ধ্বংস কৰিব ওলোৱা সময়ত প্ৰধানত খেলুৱৈ সকলক এনে বস্তুবোৰে প্ৰভাৱিত কৰিব নোৱাৰে বুলি মন্তব্য ৰাখে সমাজকৰ্মী গুণমণি দাসে ৷ শিশু খেলুৱৈ সুৰঞ্জন কলিতাৰ কাৰাটেৰ কলা-কৌশল প্ৰদশৰ্নে সমজুৱাক আপ্লুত কৰে ৷ সমাজ সংগঠক হেমন্ত কলিতাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে প্ৰশিক্ষক ভূপেন নমশুদ্ৰ আৰু অজন্তা দাস , “আকাশ”ৰ বিপুল কাকতি, ধ্ৰুৱজ্যোতি কলিতা, নিপন দত্ত কলিতা, প্ৰণিতা কলিতা, চুমিতা শীল, বন্দনা বৈশ্য আৰু বহুকেইজন স্থানীয় ক্ৰীড়ানুৰাগীয়ে ৷ প্ৰশিক্ষণত নামভৰ্তিৰ বাবে ৯১০১২-৬৪২৫৬ আৰু ৯১০১১-১৫০৮৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ৷