আই পি এলৰ আচৰণবিধি ভংগ কৰাৰ বাবে জৰিমনা ভৰিব লগীয়া হ’ল লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলে ৷ মুম্বাইত অনুষ্ঠিত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে মেচৰ সময়ত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ অধিনায়ক কে এল ৰাহুলে এই আচৰণবিধি ভংগ কৰা বুলি প্ৰকাশ কৰিছে আই পি এল কতৃপক্ষই ৷ যাৰ বাবে ৰাহুলৰ পাৰিশ্ৰমিকৰ ২০ শতাংশ জৰিমনা বিহা হৈছে। ৰাহুলে আই পি এলৰ আচৰণ বিধিৰ প্ৰথম পর্যায়ৰ অপৰাধ কৰা বুলি স্বীকাৰ কৰিছে ৷ লগতে জৰিমনা প্ৰদানৰ বাবে সন্মতি প্ৰকাশ কৰিছে ৷ মঙলবাৰে নিশা আৰ চি বিয়ে ১৮ ৰাণত জয়লাভ কৰা একেখন খেলৰ সময়ত আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে ৰাহুলৰ সতীৰ্থ মাৰ্কাছ ষ্টইনিছকো ভৰ্ৎসনা কৰা হৈছে।অৱশ্যে তেওঁলোকে কিধৰণৰ আচৰণ বিধি ভংগ কৰিছে সেয়া স্পষ্ট কৰা হোৱা নাই ৷ কিন্তু মাৰ্কাছ ষ্টইনিছক খেলপথাৰত আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছিল।আচৰণ বিধিৰ প্ৰথম স্তৰৰ আচৰণ বিধি উলংঘনৰ ক্ষেত্ৰত মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক।