বিগত দুবছৰ ধৰি বিৰাট কোহলিয়ে ক্ৰিকেটৰ কোনো ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু এনে নহয় যে ভাৰতৰ প্ৰাক্তন অধিনায়কজন ফৰ্মত নাই ৷ বিৰাট কোহলিয়ে ২০১৯ চনতে অন্তিম শতক অর্জন কৰিছিল ৷ ২০২০আৰু ২০২১ চনত শতক অৰ্জন নকৰা স্বত্বেও তেওঁৰ গড় ৰাণৰ সংখ্যা আছিল ৩৫ তকৈ অধিক ৷ ২০২২ বৰ্ষত বিৰাটে ভাল আৰম্ভনি কৰিবলৈ সক্ষম হৈছে । এই বছৰটোত ৪ খন মেচত গড়ে ৪৪.৮০ হিচাপত ২২৪ ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত- ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলা ৷ এই শৃংখলাত এটা শতক অর্জন কৰিবলৈ সক্ষম হ’লেই আন এক নতুন অভিলেখৰ গৰাকী হ’ব বিৰাট কোহলি ৷ তেওঁ ইতিমধ্যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নটা এদিনীয়া শতক অৰ্জন কৰিছে ৷ এটা দলৰ বিৰুদ্ধে এদিনীয়া মেচত সর্বাধিক শতক অর্জন কৰাৰ এই অভিলেখ বর্তমান শচীন তেণ্দুলকাৰৰ সৈতে যুটীয়াভাৱে তেওঁ অর্জন কৰিছে ৷ মাষ্টাৰ ব্লাষ্টাৰ শচীনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি এদিনীয়াত ৯ টা শতক অর্জন কৰিছিল ৷ যদিহে কোহলিয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অর্জন কৰিবলৈ সক্ষম হয় , তেনেহ’লে তেওঁ শচীনক অতিক্ৰম কৰিব ৷ অর্থাৎ এটা দলৰ বিৰুদ্ধে এদিনীয়াত সর্বাধিক শতক অর্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ ৷
এদিনীয়া শৃংখলাৰ তিনিওখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰথমখন খেল দেওবাৰে অনুষ্ঠিত হ’ব ৷ দ্বিতীয়খন ৯ফেব্ৰুৱাৰী আৰু তৃতীয় তথা অন্তিম খন এদিনীয়া ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।এদিনীয়া শৃংখলাৰ পিছত তিনিখন খেলৰ টুৱেণ্টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।