শেহতীয়াকৈ পুনৰ চন্দলৈ ওভতি আহিছে বিৰাট কোহলী ৷ ইয়াৰ পূর্বে ছন্দত একেবাৰেই নাছিল তেওঁ । ক্ৰিকেটৰ সকলো ফৰ্মেটতে তেওঁ ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছিল।যাৰ বাবে কিছুদিন তেওঁ খেলপথাৰৰ বাহিৰতো আছিল ৷ কোহলীয়ে স্বীকাৰ কৰে যে খেলপথাৰৰ বাহিৰত কটোৱা সময়খিনি কঠিন হৈ পৰিছে। শেহতীয়াকৈ তেওঁ লগতে কয় যে পৰিয়াল আৰু পত্নীৰ বাহিৰেও সেই সময়ত তেওঁৰ ওচৰত থিয় দিয়া একমাত্ৰ ব্যক্তিজন আছিল মহেন্দ্ৰ সিং ধোনী।
কোহলীয়ে আৰচিবিৰ প’ডকাষ্টত ধোনিৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। তেওঁ কয় “সেই সময়ত মোৰ আটাইতকৈ ডাঙৰ শক্তি আছিল অনুষ্কা। গোটেই সময়খিনি মোৰ লগত কটালে আৰু চকুৰ সন্মুখত দেখিলে প্ৰতিটো অনুভৱ, মই কি পৰিস্থিতিৰ মাজেৰে পাৰ হ’লোঁ, মোৰ কি হ’ল। মোৰ শৈশৱৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ বাহিৰেও মোৰ সৈতে যোগাযোগ ৰখা একমাত্ৰ ব্যক্তিজন হৈছে মহেন্দ্ৰ সিং ধোনী।”
কোহলীয়ে একেৰাহে ১১ বছৰ ধৰি ভাৰতীয় ড্ৰেছিং ৰুমত ধোনিৰ সৈতে আছিল। ধোনীক ভাৰতৰ শ্ৰেষ্ঠ অধিনায়ক হিচাপে গ্ৰহণ কৰিবলৈ তেওঁৰ কোনো সংকোচ নাই। বিৰাটে কয় “ধোনিৰ লগত যোগাযোগ কৰাটো সহজ নহয়। তেওঁ নিজাববীয়াকৈ মোৰ লগত যোগাযোগ কৰিলে। যিকোনো দিনত ফোন কৰিলে ৯৯ শতাংশ নিশ্চিত হ’ব পাৰে যে তেওঁ ফোনটো নধৰে ৷ কাৰণ তেওঁ ফোনটোলৈ ইমান গুৰুত্ব নিদিয়ে। তেওঁ মোক দুবাৰ মেছেজ কৰিলে নিজাববীয়াকৈ। তেওঁ মোক কৈছিল যে মই শক্তিশালী হ’ব লাগিব। নিজকে ইমান শক্তিশালী কৰি তুলিব লাগিব, যে মানুহে মোক কিয় আছা বুলি নাসোধে?’ ধোনীৰ কথাই মোক জোকাৰি গ’ল। কাৰণ মই নিজকে সদায় এজন আত্মবিশ্বাসী, মানসিকভাৱে শক্তিশালী ব্যক্তি হিচাপে দেখিছিলো যিয়ে যিকোনো পৰিস্থিতিৰ সমাধান বিচাৰি পাব পাৰে।”
কোহলীয়ে লগতে কয়, ‘জীৱনত কেতিয়াবা এনে এটা সময় আহে যেতিয়া মানুহ হিচাপে দুখোজ পিছুৱাই যাব লাগে। মই বুজিব লাগিব মই কেনেকৈ, মানসিকভাৱে কিমান শক্তিশালী। তাৰ বাবে ঘূৰি অহাটো সহজ হৈ পৰে।”