বিৰাট কোহলি কেৱল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপেই নহয়, ‘ষ্টাইল আইকন’ হিচাপেও পৰিচিত। তেওঁৰ পোচাকেই নহয়, চুলি-দাড়িৰ ষ্টাইলো যথেষ্ট জনপ্ৰিয় ৷কিন্তু চুলি-দাড়ি-গোঁফৰ ষ্টাইল সলনি কৰিবলৈ কোহলীয়ে কিমান টকা খৰচ কৰিব লাগে জানেনে?
ভাৰতত চুলি কটাৰ নূন্যতম খৰচ কিমান? সাধাৰণ দোকানত চুলি কটাৰ দাম ৫০ টকাতকৈও কম। অলপ ভাল চেলুনত ইয়াৰ খৰচ ১০০-২০০ টকালৈ বাঢ়ি যায় ৷ কিন্তু বিৰাটে যিমান টকা খৰচ কৰে সেই ধনেৰে সহজেই এটা ভাল ফোন বা লেপটপ কিনিব পাৰে। দাঢ়ি কাটিবৰ বাবে খৰচ কৰা টকাৰে ভাল বাইক এখন কিনিব পৰা যাব ।
বিৰাটে সাধাৰণতে দিল্লীৰ অশোক বিহাৰলৈ যায় চুলি আৰু দাড়ি কাটিবলৈ। কোহলীয়ে অশোক বিহাৰৰ ‘ষ্টুডিঅ’ ১৭’ নামৰ এখন বিখ্যাত চেলুনত চুলি কতোৱায় ৷বিৰাটৰ চুলি কাটে ‘ষ্টুডিঅ’ ১৭’ৰ স্বত্বাধিকাৰী তথা জনপ্ৰিয় হেয়াৰ ষ্টাইলিষ্ট ৰছিদ ছলমানীয়ে।
বিভিন্ন খবৰ অনুসৰি ৰছিদে চুলি কটাৰ বাবে ১৮ হাজাৰ টকা লয় । কিছুমান ক্ষেত্ৰত সেই সংখ্যা ৪০ হাজাৰো অধিক ৷যদি কোনোবাই অতিৰিক্ত ষ্টাইলত চুলি কটা বিচাৰে তেন্তে অধিক ধন খৰচ কৰিব লাগিব। গোঁফ আৰু দাড়ি কটাৰ খৰচ পৃথকে পৃথকে।
বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাটৰ চুলি কাটিবলৈ ৰছিদে ৮০ হাজাৰৰ পৰা ১.৫০ লাখ টকাৰ ভিতৰত মাচুল লয় ৷কেৱল বিৰাটেই নহয়, ৰছিদে শুভমান গিল, হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱৰ দৰে ভাৰতীয় ক্ৰিকেটাৰৰ চুলি কাটে ৷
বৰ্তমান তেওঁ দিল্লীত বাস কৰে যদিও ৰছিদৰ মূল ঘৰ বিহাৰত। তেওঁ চুলি সৰাৰ বিষয়ে অধ্যয়ন কৰিছিল। ভাৰতীয় ক্ৰিকেটাৰৰ উপৰিও তেওঁ ফাফ ডু প্লেছিছ, ট্ৰেণ্ট ব’ল্ট, ৰছিদ খান, টিম চাউথী, জেছন ৰয় আদি বিদেশী খেলুৱৈৰো হেয়াৰ ষ্টাইলিষ্ট ৷