দিল্লী কেপিটেলছৰ নতুন খেলুৱৈ কুলদীপ যাদৱে তেওঁৰ নতুন ফ্ৰেঞ্চাইজিৰ হৈ উৎকৃষ্ট প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে ৷ বাওঁহতীয়া স্পিনাৰজনে ধাৰাবাহিকভাৱে উইকেট দখল কৰি আহিছে। আই পি এলৰ এই সংস্কৰণত এতিয়ালৈকে খেলা ৮ খন খেলত কুলদীপে ১৭ টা উইকেট দখল কৰিছে।ইয়াৰে চাৰিটা উইকেট তেওঁৰ প্ৰাক্তন ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দখল কৰিছে । প্ৰথম খন খেলত তেওঁ ৪ টা উইকেট লাভ কৰে ৷তেওঁ বৃহস্পতিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত মাত্ৰ ১৪ ৰাণত চাৰিটা উইকেট দখল কৰে।
কেকেআৰৰ বিৰুদ্ধে তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে মেন অৱ দ্য মেচ সন্মান প্ৰদান কৰা হয় ৷ইয়াৰ লগে লগে তেওঁ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু শচীন তেণ্ডুলকাৰৰ দৰে খেলুৱৈৰ অভিলেখ স্পর্শ কৰিবলৈ সক্ষম হৈছে ৷ কুলদীপে এটা চিজনত সৰ্বাধিক সংখ্যক মেন অফ দ্য মেচ সন্মান লাভ কৰি উক্ত ক্ৰিকেটাৰসকলৰ সৈতে একেধৰণৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ চলিত আই পি এলত তেও চাৰিবাৰ মেন অফ দ্য মেচ সন্মান লাভ কৰিছে ৷ আৰচিবিৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ২০১৬ চনৰ সংস্কৰণৰ সময়ত পাঁচবাৰ মেন অফ দ্য মেচ সন্মান লাভ কৰি তালিকাৰ শীৰ্ষত আছে। কোহলীয়ে সেই ছিজনত মুঠ ৯৭৩ ৰাণ সংগ্ৰহ কৰিছিল ৷তেণ্ডুলকাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০১০ বৰ্ষত চাৰিবাৰ মেন অফ দ্য মেচ সন্মান লাভ কৰিছিল ৷ আনহাতে ৰুতুৰাজ গায়কোৱাড আৰু ৰোহিত শৰ্মাই ক্ৰমান্বয়ে ২০২১ আৰু ২০১৬ বৰ্ষত এই কৃতিত্ব অৰ্জন কৰিছিল। তেওঁলোকৰ বাহিৰেও অমিত মিশ্ৰাই ২০১৩ চনত চাৰিবাৰ আৰু ২০০৮ চনত ইউছুফ পাঠানে চাৰিবাৰ মেন অফ দ্য মেচ সন্মান লাভ কৰিছিল ৷