প্ৰাক্তন ভাৰতীয় ফুটবলাৰ এণ্টনি ৰেবেলোৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ। পত্নী আৰু দুটা সন্তানক তেওঁ এৰি থৈ যায়। ৭০ আৰু ৮০ৰ দশকত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ আছিল ৰেবেলো । দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। ১৯৮২ চনত কুৱালালামপুৰত অনুষ্ঠিত হোৱা মেৰডেকা কাপৰ সদস্য আছিল ভাৰত। সেই বছৰ দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা প্ৰেচিডেণ্টছ কাপ দলতো আছিল তেওঁ। তেওঁ দীৰ্ঘদিন ধৰি ঘৰুৱা ফুটবলত ছালগাঁওকাৰৰ হৈ খেলিছিল। ১৯৭৭ চনৰ পৰাই তেওঁ সেই ক্লাবৰ হৈ খেলিবলৈ আৰম্ভ কৰে। একেৰাহে ১১টা ছিজন খেলিছে। ১৯৮৩-৮৪ চনত গোৱাই প্ৰথমবাৰৰ বাবে সন্তোষ ট্ৰফী লাভ কৰাৰ সময়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
এআইএফএফৰ সভাপতি কল্যাণ চৌবেই ৰেবেলোৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, “ৰেবেলো আছিল তেওঁৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ। তেওঁৰ দক্ষতা আৰু কেতিয়াও এৰি নিদিয়া মনোভাৱ সকলোৰে বাবে শিক্ষামূলক। তেওঁৰ পৰিয়াললৈ সমবেদনা।” মহাসচিব শ্বাজী প্ৰভাকৰনে কয়, ‘ৰেবেলোৱে গোটেই জীৱন আবেগেৰে খেলি আহিছে। ঘৰুৱা ফুটবলত তেওঁৰ ডাঙৰ নাম আছিল।”