আই পি এলৰ পিছত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। আৰু কিছুদিনৰ পিছত ঘোষণা কৰা হ’ব বিশ্বকাপৰ দলটো। প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ইতিমধ্যে সেই দলৰ দুজন সদস্যক বাছনি কৰিছে। তেওঁৰ মতে, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিশ্বকাপত অপেনিং কৰিব লাগে।
ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ কয় – ‘ভাৰতে ভয় নোহোৱাকৈ খেলিব লাগিব। সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এনে কোনো নিয়ম নাই যে তৰুণসকলে টি-২০ত খেলিব লাগিব। যদি জেমছ এণ্ডাৰছনে এতিয়াও ৪০ বছৰ বয়সত টেষ্ট খেলিব পাৰে আৰু ৩০ অভাৰত বল কৰিব পাৰে, যদি এম এছ ধোনীয়ে এতিয়াও অনায়াসে ছিক্স কোবাব পাৰে তেন্তে সকলো সম্ভৱ। আমি ভয় নোহোৱাকৈ মুকলি মনৰে টি-২০ খেলিব লাগিব।’
সৌৰভ গাংগুলীয়ে লগতে কয়, ‘মোৰ মতে কোহলী আৰু ৰোহিতে টি-২০ বিশ্বকাপৰ অপেন কৰিব লাগে। ভাৰতে আৰম্ভণিৰে পৰা খেলিব লাগিব। ৰোহিত, বিৰাট, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়াৰ দৰে ক্ৰিকেটাৰৰ প্ৰয়োজন। সকলোৰে অসাধাৰণ প্ৰতিভা আছে। ছয় মাৰিব পৰা ক্ষমতাও নিঃসন্দেহে আছে ।”
সৌৰভ গাংগুলীয়ে অনুভৱ কৰে যে টি-২০ বিশ্বকাপৰ দলটো তাৰুণ্য আৰু অভিজ্ঞতাৰ ভাৰসাম্য ৰক্ষা কৰি গঢ়ি তুলিব লাগে। তেওঁ কয়, “সকলো মহান দলতে তৰুণ আৰু অভিজ্ঞ খেলুৱৈৰ মিশ্ৰণ থাকে। প্ৰদৰ্শন চাব লাগিব।“