বিশ্বৰ যাদুকৰী ফুটবলাৰ সকলৰ অন্যতম হৈছে লিয়নেল মেছি ৷ আর্জেণ্টিনাৰ অধিনায়কজনৰ দুভৰিৰ যাদু উপভোগ কৰিবলৈ ৰৈ থাকে হেজাৰ হেজাৰ অনুৰাগী ৷ বৃহস্পতিবাৰে আৰ্জেণ্টিনাৰ অধিনায়ক মেছিয়ে প্ৰকাশ কৰে যে কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ বিশ্বকাপ তেওঁৰ কেৰিয়াৰৰ শেষ বিশ্বকাপ হ’ব ।
২০০৭ চনত মেছিয়ে আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটায় আৰু তাৰ পিছত আৰ্জেণ্টিনাৰ হৈ ১৬৪ খন খেলত জয়লাভ কৰে ৷ অহা মাহত কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২০২২ বিশ্বকাপ হ’ব লিয়নেল মেছিৰ কেৰিয়াৰৰ শেষ বিশ্বকাপ ।
পঞ্চমবাৰৰ বাবে বিশ্বকাপত খেলিবলগীয়া ৩৫ বছৰীয়া আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে ষ্টাৰ প্লাছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে ৷ অৱশ্যে তেওঁ কাটাৰৰ বিশ্বকাপৰ পিছত জাতীয় দলৰ পৰা অৱসৰ ল’ব নে নলয় সেই বিষয়ে মেছিয়ে স্পষ্ট কৰা নাই।
বিগত ৩৫খন প্ৰতিযোগিতামূলক মেচত অপৰাজিত আৰ্জেণ্টিনাই ২০২১ চনৰ কোপা আমেৰিকাৰ ফাইনেলত আয়োজক ব্ৰাজিলৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত অধিক আত্মবিশ্বাসৰে বিশ্বকাপত অৱতীর্ণ হ’ব ৷