আই এ ইউৰ ২৪ ঘণ্টীয়া ইউৰোপীয় চেম্পিয়নশ্বিপত লিথুৱেনিয়াৰ আল্ট্ৰামাৰাথন দৌৰবিদ আলেকজেণ্ডাৰ ছ’ৰ’কিনে ২৪ ঘণ্টাত ৩১৯.৬১৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি নিজৰেই বিশ্ব অভিলেখ ভংগ কৰে। ইটালীৰ ভেৰোনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছ’ৰ’কিনে প্ৰতি ৪:৩০ মিনিট ১ কিল’মিটাৰ অতিক্ৰম কৰিছিল ৷ তেওঁ বিগত বৰ্ষৰ আগষ্ট মাহত ৩০৩.৫০৬ কিলোমিটাৰ দৌৰি ৰচনা কৰা বিশ্ব অভিলেখ ৰচনা কৰিছিল ৷
দুৰত্ব হিচাপত আৰু ছ’ৰ’কিনে আৰু মাত্ৰ ১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলেই তেওঁ দেশখনৰ ইমূৰৰ পৰা সিমূৰলৈ অতিক্ৰম কৰিবলৈ সক্ষম হ’লহেতেন ৷ এই অভিলেখৰ পাছতে ৪০ বছৰীয়া ছ’ৰ’কিনে ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছে, “মই অতি ভাগৰি পৰিছো ৷কিন্তু মই দুগুণ উত্তেজিত। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ ৷”
১৭–১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পোলেণ্ডৰ আন্দ্ৰেজ পিঅ’ট্ৰ’স্কিয়ে দ্বিতীয় স্থান (৩০১.৮৫৮ কিলোমিটাৰ) লাভ কৰাৰ বিপৰীতে ইটালীৰ মাৰ্কো ভিচিনিটিয়ে তৃতীয় স্থান লাভ কৰে (২৮৮.৪৩৭ কিলোমিটাৰ)। ২৫৬.২৫০ কিলোমিটাৰ দৌৰি ফৰাচী মহিলা ষ্টেফানী জিকেল আৰু সতীৰ্থ দেশীয় মহিলা মালগ’ৰ্জাটা পাজডা-প’জ’ৰ্স্কাক পৰাস্ত কৰি মহিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰে পোলেণ্ডৰ খেলুৱৈ পেট্ৰিচা বেৰেজন’ভস্কাই।
যোৱা বছৰ এটা দিনতে ৩০৯.৩৯৯ কিলোমিটাৰ দৌৰি ছ’ৰ’কিনে ইয়ানিছ ক’ৰ’ছৰ ২৪ ঘণ্টাৰ দীঘলীয়া বিশ্ব অভিলেখ ৩০৩.৫০৬ কিলোমিটাৰ ভংগ কৰিছিল। এই মাহত ৪১ বছৰ সম্পূৰ্ণ কৰা ছ’ৰ’কিনে শেহতীয়াকৈ অসংখ্য আল্ট্ৰাৰানিং অভিলেখ ভংগ কৰিছে ৷