বাংলাদেশে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰি টি-২০ বিশ্বকাপৰ আৰম্ভণি কৰে। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই মাত্ৰ ১২৫ ৰানহে সংগ্ৰহ কৰে। মুস্তাফিজুৰৰ বলিং বিক্ৰমত অধিক ৰান কৰিব নোৱাৰিলে শ্ৰীলংকাই । নির্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ বাংলাদেশে ১৯ অভাৰ লৈছিল।
প্ৰথমতে ভবা হৈছিল যে বাংলাদেশে অতি সহজে মেচখন জয়ী হ’ব। কিন্তু শ্ৰীলংকাক ১২৫ ৰানত সীমাবদ্ধ কৰি ৰখাৰ পিছতো আৰম্ভণিতে উইকেট হেৰুৱাই তেওঁলোক হেঁচাত পৰে। টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে বাংলাদেশে বেটিঙৰ কথা ভাবিছিল।
প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ১২৫ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ পাঠুম নিশাংকে ৪৭ ৰান সংগ্ৰহ কৰে। ধনঞ্জয় ডি ছিলভাই ২১ ৰান সংগ্ৰহ কৰে। বাকী বেটছমেনসকলে বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । মুস্তাফিজুৰ ৰহমান আৰু ৰিছাদ হোছেইনে তিনিটাকৈ উইকেট দখল কৰে। টাস্কিন আহমেদে দুটা উইকেট দখল কৰে।
বাংলাদেশে ১২৬ ৰানৰ লক্ষ্যৰে খেলিছিল যদিও ১৯ অভাৰলৈকে খেলিব লগা হৈছিল। ইটোৰ পিছত সিটো উইকেট হেৰুৱাইছিল। ১৪টা বলত ৮ ৰান সংগ্ৰহ কৰে ছাকিবে। মাহমুদুল্লাহ শেষলৈকে বাচি থাকে। অত্যাধিক চাপৰ মাজতে শেষত খেলখনত জয়ী হৈ বাংলাদেশে খেলপথাৰ এৰি থৈ যায়।