এখন তীব্ৰ উত্তেজনামূলক মেচৰ পাছত ইংলিছ লীগ কাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হ’ল লিভাৰপুল ৷ লীগ কাপৰ ফাইনেলত চেলচিক ১১-১০ গ’লৰ ব্যৱধানত পৰাজিত কৰে লিভাৰপুলে ৷ দেওবাৰে ওৱেম্বলীত ০-০ ৰ ড্ৰ’ৰ পিছত চেলচিক ১১-১০ শ্বুট আউটত পৰাজিত কৰে লিভাৰপুলে ৷ ১২০ মিনিটৰ খেলখনত কোনো এটা পক্ষই গ’ল দিবলৈ সক্ষম নহ’লেও , শেষপর্যন্ত দুয়োটা দলৰ যুঁজখন অত্যন্ত উত্তেজনাপূর্ণ আছিল ৷ মেচখনৰ অন্তত অনুষ্ঠিত শ্বুট আউটত চেলচিৰ গ’লৰক্ষক কেপা আৰিজাবালাগাই নিৰ্ণায়ক পেনাল্টি মিছ কৰাৰ পাছতে লিভাৰপুলৰ বাবে বিজয়ৰ পথ প্ৰশস্ত হয় ৷
উল্লেখ্য যে খেলখনৰ আৰম্ভনিতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ অন্ত পৰাৰ কামনাৰে সকলোৱে আহ্বান জনায় ৷ লিভাৰপুল আৰু চেলচিৰ খেলুৱৈসকলে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ প্ৰতি সমৰ্থন দেখুৱাই একত্ৰিত হয় ৷ চুবুৰীয়া দেশত ৰাছিয়াৰ আক্ৰমণৰ মাজতে চেলচিৰ অধিনায়ক চিজাৰ আজপিলিকুৱেট আৰু লিভাৰপুলৰ অধিনায়ক জৰ্ডান হেণ্ডাৰছনে দেশখনৰ হালধীয়া আৰু নীলা ৰঙৰ ফুল লৈ খেলপথাৰত উপস্থিত হয় ৷ দুয়োটা দলে এক মিনিটৰ বাবে থিয় হয় শীঘ্ৰে শান্তিৰ পৰিৱেশ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে ষ্টেডিয়ামৰ স্ক’ৰব’ৰ্ডত হালধীয়া আৰু নীলা ৰঙৰ এটা বাৰ্তাত লিখা আছিল “ফুটবল ষ্টেণ্ডছ টুগেদাৰ”।