অসমৰ ক্ৰীড়া জগতলৈ এক সুখবৰ ৷ চলিত বৰ্ষত হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে ভাৰতৰ মহিলা বক্সিং দলত এইবাৰ স্থান লাভ কৰিছে অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷আনহাতে দলটোত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাট জাৰিনেও স্থান লাভ কৰিছে ৷ হায়দৰাবাদৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামৰ পৰাই নিৰ্বাচিত কৰা হৈছে দুয়োগৰাকী বক্সাৰকে ৷ অসম কন্যা লাভলীনাই ৬৯কিল’গ্ৰামৰ শাখাত যোগ্যতা লাভ কৰাৰ লগতে নিখাট জাৰিনে যোগ্যতা অৰ্জন কৰিছে ৫১ কিল’গ্ৰামৰ শাখাত ৷ এছিয়ান গেমছৰ বাবে অনু্ষ্ঠিত হোৱা বাছনি প্ৰতিযোগিতাত লাভলীনাই ৰে’লৱে বক্সাৰ পূজাক পৰাজিত কৰে ৷ আনহাতে জাৰিনে পৰাজিত কৰে মঞ্জুৰাণীক ৷ অহা ১০ৰ পৰা ২৫ চেপ্টেম্বৰলৈকে হাংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ ৷