শুকুৰবাৰৰ পৰা ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ’ব ‘অলিম্পিক গেমছ । প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে পেৰিছত উপস্থিত হয় অসম কন্যা লাভলীনা বৰগোঁহাই।
তেওঁৰ লগত আছে ভাৰতীয় বক্সিং দলটোৰ প্ৰশিক্ষক মণ্ডলীৰ অন্যতম সদস্য তথা আন এগৰাকী অসম কন্যা প্ৰণামিকা বৰা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাৰ এইবাৰ সোণৰ পদক অৰ্জনৰ লক্ষ্যৰে মেচত অৱতীর্ণ হ’ব । তেওঁ ৩১ জুলাইত অলিম্পিকৰ ৰিঙত নামিব।
টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই ৷ অৱশ্যে এইবাৰ তেওঁ ৭৫ কেজি শখাতহে প্ৰতিদ্বন্দিতা কৰিব। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াৰ বাবে লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখালৈ নিজকে সাজু কৰি তুলিছে ৷
৭৫ কেজি শাখাত লাভলীনাই পূৰ্বতকৈ ভাল প্ৰদৰ্শন কৰাৰ লগতে সফলতাও লাভ কৰিছে। ৬৯ কেজি শাখাত ২০১৮ আৰু ২০১৯ চনত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ৭৫ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৭৫ কেজি শাখাত লাভলীনাই ২০২৩ ত অৰ্জন কৰিছে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ।
২০২২ ত চীনৰ হাংজৌ প্ৰদেশত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো লাভলীনাই ৭৫ কেজি শাখাতেই প্ৰতিদ্বন্দিতা কৰি ৰূপৰ পদক লাভ কৰিছিল । একেবছৰে তেওঁ এছিয়ান চেম্পিয়নশ্বিপত অৰ্জন কৰিছে সোণৰ পদক। সেয়ে স্বাভাৱিকতে লাভলীনাক লৈ এতিয়া কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী।
৭৫ কেজি শাখাত বিশ্ব ক্ৰমত লাভলীনা বৰ্তমান চতুৰ্থস্থানৰ খেলুৱৈ। ৰাষ্ট্ৰীয় চেম্পিয়ন লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ আগলৈকে দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। যোৱা জুনত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড প্ৰীক্সত লাভলীনাই জয় কৰিছে ৰূপৰ পদক।
এইগৰাকী অসম সন্তান ভাৰতীয় অলিম্পিক দলটোৰো অন্যতম শক্তি। তেওঁক সাম্ভাব্য পদক প্ৰাপ্তৰ তালিতকাত শীৰ্ষত ৰাখিছে ক্ৰীড়া বিশেষজ্ঞমহলে। টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈ পৰা লাভলীনাই প্ৰতিযোগিতাখনত পদক লাভেৰে অলিম্পিক পদক জয়ী প্ৰথম অসমীয়া হৈ পৰিছিল। এইবাৰ তেওঁ স্বৰ্ণ পদক জয় কৰি আন এক ইতিহাস ৰচনা কৰিব বুলি আশা কৰিছে অসমবাসীয়ে ৷