ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীক পুনৰ খেলপথাৰত দেখা পোৱা যাব। অহা তিনি বছৰলৈ তেওঁৰ খেল অনুৰাগীসকলে উপভোগ কৰিব পাৰিব। এই কথা ইতিমধ্যে নিশ্চিত হৈছে।
আই পি এল দল চেন্নাই ছুপাৰ কিংছে মহেন্দ্ৰ সিং ধোনীক আগন্তুক তিনি বছৰৰ বাবে দলত চুক্তিবদ্ধ কৰিছে। মহেন্দ্ৰ সিং ধোনীৰ উপৰিও ৰবীন্দ্ৰ জাদেজা, ৰিতুৰাজ গাইকোৱাৰ্ড আৰু মঈন আলীক দলত ৰখাৰ কথা ইতিমধ্যে নিশ্চিত হৈছে।
উল্লেখযোগ্য যে দুটাকৈ নতুন দল গঠন হোৱাৰ বাবে প্ৰতিটো পূৰণি দলকে যিকোনো চাৰিজনকৈ পুৰণি খেলুৱৈ ৰাখিবলৈ অনুমতি দিয়া হৈছিল। চেন্নাই ছুপাৰ কিংছে মহেন্দ্ৰ সিং ধোনীকে ধৰি অন্য তিনিজনক দলত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
আনহাতে পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুলে এইবাৰ নতুন দল লক্ষ্ণৌত যোগদান কৰি অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
অহা ৪ এপ্ৰিলৰ পৰা আই পি এল ২০২২ আৰম্ভ হ’ব। দলসমূহৰ বাবে খেলুৱৈ নিৰ্বাচন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে।