মনালিছা বৰুৱা মেহতা অসমৰ এসময়ৰ প্ৰখ্যাত টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত অৰ্জুন বঁটাৰে সন্মানিত মনালিছা এগৰাকী গুৰুত্বপূৰ্ণ অসম ক্ৰীড়া ব্যক্তিত্ব।
অসমৰ বাবে ভাল খবৰ যে একালৰ প্রখ্যাত খেলুৱৈ গৰাকী সম্প্ৰতি ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক হিচাপে নিযুক্ত হৈছে৷
অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২৫ সংখ্যক আই টি টি এফ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বাবে ঘোষিত প্ৰাপ্তবয়স্ক ভাৰতীয় দলটোৰ প্রশিক্ষকৰ গুৰুদায়িত্ব লাভ কৰিছে মনালিছা বৰুৱাই, দলটোৰ আনগৰাকী প্রশিক্ষক হ’ল অৰূপ বাছাক৷
আনহাতে প্রতিযোগিতাখনত জি সাথিয়ান, শৰথ কমল আদিৰ দৰে দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈয়ে অংশ ল’ব৷