পেৰিছ অলিম্পিকত আন এক পদক লাভ কৰিলে ভাৰতে । ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকত দ্বিতীয় পদক লাভ কৰে মনু ভাকেৰে। ব্যক্তিগত শাখাৰ পিছত ভাৰতে মিশ্ৰিত শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰে। মনুৰ লগতে সৰবজোৎ সিঙেও ব্ৰঞ্জৰ পদক লাভ কৰে। দক্ষিণ কোৰিয়াক ১৬-১০ পইন্টত পৰাস্ত কৰি এই পদক লাভ কৰে তেওঁলোকে ৷
দেওবাৰে ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত শাখাত মনুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। একেখন অলিম্পিকতে তেওঁ দুটা পদক লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ সুশীল কুমাৰ আৰু পিভি সিন্ধুৱে অলিম্পিকত দুটাকৈ পদক লাভ কৰিছিল। কিন্তু একেখন অলিম্পিকতে একাধিক পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে মনু ৷
স্বাধীনতাৰ পূৰ্বে ভাৰতৰ হৈ একেখন অলিম্পিকতে দুটা পদক লাভ কৰিছিল নৰ্মান প্ৰিচাৰ্ডে। ১৯০০ চনৰ অলিম্পিকত তেওঁ সেই নজিৰ গঢ়ি তুলিছিল। মন কৰিবলগীয়া যে সেই অভিলেখো হৈছিল পেৰিছ অলিম্পিকতে। তেওঁ এথলেটিকছত ৰূপৰ পদক লাভ কৰে। ভাৰতৰ হৈ প্ৰিচাৰ্ডে পদক লাভ কৰিলেও তেওঁ ব্ৰিটিছ আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো পদক লাভ কৰাৰ পিছত তেওঁক অভিনন্দন জনায়। মঙলবাৰে ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘আমাৰ শ্বুটাৰসকলে দেশখনক পুনৰ গৌৰৱান্বিত কৰিছে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মনু ভাকেৰ আৰু সৰবজোৎ সিঙলৈ অভিনন্দন। দুয়োজনে ডাঙৰ প্ৰতিভা দেখুৱাইছে। ভাৰত আপোনালোকৰ বাবে সুখী। মনুৱে একেৰাহে দুটাকৈ পদক লাভ কৰে। তেওঁ অতি ভাল ধাৰাবাহিকতা দেখুৱালে।”