অৱশেষত আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৬বাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰা বক্সাৰ মেৰী কমৰ ৷ কমনৱেল্থ গেমছত ৪৮কেজি ট্ৰায়েলৰ সময়ত আঘাতপ্ৰাপ্ত হৈ বিগত কিছুদিন ধৰি ভূগি আছিল খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে শেহতীয়াকৈ মুম্বাইৰ এখন বেচৰকাৰী হাস্পতালত মেৰীকমৰ আঁঠুৰ এই অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে সামাজিক মাধ্যমতো বহুল ভাৱে প্ৰচাৰিত হৈছে জনপ্ৰিয় খেলুৱৈ গৰাকী চিকিৎসাধীন হৈ থকা ফটো ৷
কমনৱেলথ্ গেমছৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ভৰিৰ আঘাতৰ বাবেই বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰিব নোৱাৰিলে বিশ্ব চেম্পিয়ন গৰাকীয়ে ৷
উল্লেখনীয় যে ২০১৮ চনত দেশৰ প্ৰথম মহিলা বক্সাৰ হিচাপে কমনৱেলথ গে’মছত সোণৰ পদক লাভ কৰিছিল মেৰী কমে ৷