২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত নায়ক হিচাপে পৰিগণিত হৈছিল এমিলিয়ানো মাৰ্টিনেজ। আৰ্জেণ্টিনাৰ গ’লৰক্ষকগৰাকীৰ অবিহনে হয়তো কাটাৰত অনুষ্ঠিত বিশ্বকাপ জয় কৰিব নোৱাৰিলেহেঁতেন লিয়নেল মেছিয়ে। শুকুৰবাৰে পুৱা কোপা আমেৰিকাত পুনৰ নায়ক হিচাপে পৰিগণিত হৈছে মাৰ্টিনেজ। ইকুৱেডৰৰ বিৰুদ্ধে টাইব্ৰেকাৰত জয়লাভ কৰে আর্জেন্টিনাই ।
টাইব্ৰেকাৰত গ’ল দিব নোৱাৰিলে মেছিয়ে। মাৰ্টিনেজে সেই ব্যৰ্থতাক সামৰি লৈছিল। নিৰ্ধাৰিত সময়ত ১-১ গ’লত খেলখন সমাপ্ত হয়। কোপাৰৰ নিয়ম অনুসৰি নিৰ্ধাৰিত ৯০ মিনিটৰ খেলৰ পিছত ষ্ট্ৰেইট টাইব্ৰেকাৰ অনুষ্ঠিত হয়। আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো শ্বট লয় মেছিয়ে । বলটো বাৰত খুন্দা মাৰে। মেছিয়ে গ’ল দিবলৈ ব্যৰ্থ হয়। কিন্তু সেইটোৱে দলটোক জয়ী হোৱাত বাধা নিদিলে। টাইব্ৰেকাৰত মাৰ্টিনেজে ইকুৱেডৰৰ প্ৰথম দুটা শ্বট ব্লক কৰে। ইয়াৰ লগে লগে মেছিৰ দলটোৱে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে।
খেলখনৰ ৩৪ মিনিটৰ পাছত আৰ্জেণ্টিনাই এটা গ’ল দি আগবাঢ়ি যায়। কিন্তু ৯০ মিনিটৰ শেষত ইকুৱেডৰৰ কেভিন ৰড্ৰিগেজে গ’ল দিয়ে। গোটেই মেচখনত মেছিয়ে কোনো ছাপ পেলাব পৰা নাছিল। টাইব্ৰেকাৰতো গ’ল দিব নোৱাৰিলে। অৱশ্যে মেছিয়ে গ’ল নিদিয়াৰ পাছতো টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ জুলিয়ান আলভাৰেজ, এলিষ্টাৰ, গনজালো মণ্টিয়েল আৰু নিকোলাছ অটামেণ্ডিয়ে গ’ল দিয়ে।
ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰ্জেণ্টিনা। তাত তেওঁলোকে ভেনিজুৱেলা আৰু কানাডাৰ মেচত বিজয়ী দলৰ বিৰুদ্ধে খেলিব। সেই মেচখন হ’ব শনিবাৰে পুৱা। ১০ জুলাইত আৰ্জেণ্টিনাৰ ছেমি ফাইনেল অনুষ্ঠিত হ’ব ।