পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ চেফ ডি মিছন হৈছিল মেৰী কম। ভাৰতীয় অলিম্পিক সংস্থাই বিশেষ দায়িত্ব প্ৰদান কৰিছিল প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীক। সেই দায়িত্বৰ পৰা মেৰীয়ে পদত্যাগ কৰিলে। তেওঁ ব্যক্তিগত কাৰণত ৰেহাই বিচাৰি এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷
ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি উষালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীয়ে ব্যক্তিগত কাৰণত পেৰিছলৈ যোৱাটো সম্ভৱ নহ’ব বুলি মন্তব্য কৰে। মেৰীয়ে লিখিছে, “যিকোনো ধৰণেৰে দেশৰ সেৱা কৰাটো মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। এই সুযোগ এক বিশেষ সন্মান। দায়িত্ব পালন কৰিবলৈ আমি মানসিকভাৱে সাজু হৈ আছিলো। কিন্তু আপোনালোকক জনাবলৈ দুখ পাইছো যে ব্যক্তিগত সমস্যাৰ বাবে মই এই কৰ্তব্য পালন কৰিব নোৱাৰিম। গতিকে মই পদত্যাগ কৰিব বিচাৰো।”
মেৰীয়ে লিখিছে, “প্ৰতিজ্ঞাৰ পৰা পিছুৱাই যোৱা উচিত নহয়। মই সাধাৰণতে তেনেকুৱা নকৰো। মোৰ কোনো উপায় নাই। এই অলিম্পিকৰ বাবে মোৰ বহুত আশা আছিল। আমাৰ খেলুৱৈসকলৰ ওপৰত আমাৰ বহু আশা আছিল। বেয়া লাগে, অলিম্পিকৰ সময়ত তেওঁলোকৰ লগত থাকিব নোৱাৰিম।“
মেৰীৰ এই সিদ্ধান্ত সন্দৰ্ভত উষাই কয়, “আমি লণ্ডন অলিম্পিকৰ পদক বিজয়ী মেৰীক মিছনৰ চেফ হিচাপে নিযুক্তি দিছিলো ৷ ব্যক্তিগত সমস্যাৰ বাবে পদত্যাগ কৰে। আমাৰ বাবে দুখৰ কথা। অৱশ্যে আমি তেওঁৰ সিদ্ধান্তক সন্মান কৰো। সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি আমি অতি সোনকালে নতুন নাম ঘোষণা কৰিম।“
অলিম্পিকত চেফ দ্য মিছনৰ বিশেষ দায়িত্ব। চেফ দ্য মিছনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা আৰু আয়োজকসকলৰ সৈতে মূল যোগাযোগ বজাই ৰাখে। দলৰ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সুবিধা-অসুবিধাৰ যত্ন লোৱাতো তেওঁৰ দায়িত্ব। চেফ দ্য মিছন আচলতে সমগ্ৰ দলটোৰ মূল ব্যক্তি।