ইউৰো কাপৰ প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল কাইলিয়ান এমবাপে। তেওঁ নাকত আঘাত পাইছিল ৷ সেইবাবেই এমবাপে ফেচ গাৰ্ডৰ সৈতে খেলিবলগীয়া হৈছে। এতিয়ালৈকে ফ্ৰান্সৰ যুৱ অধিনায়কগৰাকীয়ে উন্নত প্ৰর্দশন কৰিব পৰা নাই। মঙলবাৰে স্পেইনৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলৰ পূৰ্বে ফ্ৰান্সৰ শিবিৰত এমবাপেৰ ফেচ গাৰ্ডক লৈ উত্তাল হৈ পৰিছে।
ইউৰোত এইবাৰ মাত্ৰ এটা গ’লহে কৰিবলৈ সক্ষম হৈছে এমবাপে। সেইটোও পোলেণ্ডৰ বিৰুদ্ধে পেনাল্টিত। বহুতে কয় যে এই ফেচ গার্ডৰ বাবে তেওঁ ভাল প্ৰদর্শন কৰিবলৈ সক্ষম হোৱা নাই ৷বহুতে ভাবে যে এমবাপে ফেচ গাৰ্ড লগোৱাৰ পিছত খেলিবলৈ অসুবিধা পাইছে। কিন্তু এই সকলোবোৰ কথা শুনিবলৈ ইচ্ছুক নহয় প্ৰশিক্ষক ডিডিয়েৰ দেশন। তেঁও স্পষ্টকৈ কয়, “এমবাপে ফেচ গাৰ্ডৰ লগত অভ্যস্ত হ’ব লাগিব। এতিয়া কেইবামাহো ধৰি এই ফেচ গাৰ্ড পিন্ধিব লাগিব ৷ গতিকে পিছত খেলিবলৈ অভ্যস্ত হ’ব লাগিব।”
স্পেইনৰ বিৰুদ্ধে খেলখনত এমবাপে গ’ল দিব বুলি আশা কৰিছে অনুৰাগীসকলে । ফ্ৰান্সৰ কলমুৱানীয়ে কয়, ‘প্ৰতিযোগিতা এতিয়াও শেষ হোৱা নাই। যদি তেওঁ গ’ল দিব নোৱাৰে তেন্তে আমি তেওঁক সহায় কৰিব লাগিব। গ’ল দিবলৈ তেওঁলৈ বলটো পাছ কৰিব লাগিব৷”
ইউৰোৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে স্পেইনক পৰাস্ত কৰিব লাগিব ফ্ৰান্সে । ছেমি ফাইনেলত দুখন শক্তিশালী ৰাষ্ট্ৰই খেলিব ৷ সেই মেচখনত জয়ী হ’বলৈ ফ্ৰান্সক এমবাপেৰ প্ৰয়োজন। এতিয়ালৈকে কোনো ফৰাচী ফুটবলাৰ খেলৰ মাজতে গ’ল দিব পৰা নাই। হয় বিপক্ষৰ নিজৰ গ’লেৰে অথবা পেনাল্টিৰ পৰা গ’লৰ দ্বাৰা জয়ী হয়। সেইটো লৈ ফ্ৰান্স শিৱিৰ চিন্তিত হ’ব পাৰে। ইয়াৰ লগত এমবাপৰ ফেচ গাৰ্ড সংযোজন কৰা হৈছে।মঙলবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত এঐ খেলখন অনুষ্ঠিত হ’ব ৷