আই পি এলৰ প্লে অফত প্ৰৱেশৰ শেষ আশা হৈছে যোৱাবাৰৰ ৰাণার্ছ গুজৰাট টাইটানছৰ । এইবাৰৰ আই পি এলত প্লে অফত প্ৰৱেশৰ দৌৰৰ পৰা বাহিৰ হৈ পৰে আন এটা দল। মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছৰ পিছত এইবাৰ গুজৰাট আউট এই দৌৰৰ পৰা । বৰষুণৰ বাবে সোমবাৰে বাতিল হয় কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছৰ খেলখন। পইণ্ট দুটা দলৰ মাজত ভাগ কৰা হয়।
ইডেনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে ১৬ অভাৰৰ অনুষ্ঠিত হয়। কিন্তু সোমবাৰৰ পৰা খেল আৰম্ভ কৰিব পৰা নগ’ল। টছৰ পূর্বেও আহমেদাবাদত বৰষুণ দি আছিল৷ বৰষুণৰ লগতে ব্ৰজপাত হোৱাৰ বাবে মেচ বাতিল কৰা হৈছিল।
সোমবাৰে কোনো মেচ নহ’লেও শুভমন গিলে সৰ্বোচ্চ ১৩ পইণ্ট লাভ কৰিব পাৰে। তৎসত্বেও কোনো কাৰণতে প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিব। কাৰণ এই মুহূৰ্তত পইণ্ট তালিকাত কমেও ১৪ পইণ্টৰ প্ৰয়োজন। বর্তমান গুজৰাটে ১৩খন খেলত ১১ পইণ্ট লাভ কৰিছে । শেষৰখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । সেই মেচখনত জয়ী হ’লেও শুভমনৰ প্লে অফত প্ৰৱেশ কৰাৰ কোনো সম্ভাৱনা নাই।
আনহাতে কলকাতাই পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থান দখল কৰে। সোমবাৰৰ খেলখনৰ পূৰ্বে কলকাতাই ১২খন খেলৰ পৰা ১৮ পইণ্ট লাভ কৰিছিল। ৯ খন মেচত জয়লাভ কৰে। এইবাৰ আই পি এল প্লে অফত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় কলকাতা। সোমবাৰৰ খেলখন বাতিল হোৱাৰ বাবে এতিয়া কলকাতাই ১৩খন খেলৰ পৰা ১৯ পইণ্ট লাভ কৰিছে। এই মুহূৰ্তত ৰাজস্থান ৰয়েলছৰ বাহিৰে আন কোনো দলে ১৯ পইণ্ট লাভ কৰিব পৰা নাই ।
প্ৰথম দুই স্থানৰ পৰা প্লে অফত প্ৰৱেশ কৰিলে দল দুটাই ডাঙৰ সুবিধা লাভ কৰিব। কাৰণ দুয়োটা দলে ফাইনেলত প্ৰৱেশৰ অতিৰিক্ত সুযোগ পাব। প্লে অফৰ নিয়ম অনুসৰি শীৰ্ষ দুটা দলে কোৱালিফায়াৰ ১ খেলিব। বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব। পৰাজিত দলটো বাহিৰ নহ’ব। ফাইনেলত প্ৰৱেশৰ আৰু এটা সুযোগ থাকিব। কোৱালিফায়াৰ ২ খেলাৰ সুযোগ পাব। তৃতীয় আৰু চতুৰ্থ স্থানৰ দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচত বিজয়ী দলৰ বিৰুদ্ধে কোৱালিফায়াৰ ২ খেলিব।