ক্ৰিকেটত লিংগ সমতা বৃদ্ধি কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে এই খেলৰ নীতি- নিয়ম নিৰ্ধাৰণ কৰা সংস্থা মেলবৰ্ণ ক্ৰিকেট ক্লাবে (MCC)। এম চি চি য়ে ক্ৰিকেটৰ নিয়ম সলনি কৰি বেটছমেন আৰু বেটছউইমেনৰ ঠাইত “বেটাৰ” তথা “বেটাৰ্ছ” ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে লিংগ ভিত্তিক ভেদভাৱ নিঃশেষ কৰাৰ উদ্দেশ্যেই সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৰ মতে লিংগ নিৰেপেক্ষ শব্দ “বেটাৰ” আৰু “বেটাৰ্ছ” ৰ ব্যৱহাৰে ক্ৰিকেটক পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত সমান মৰ্যদা দিয়াত যথেষ্ট শক্তিশালীভাৱে সহায় কৰিব।
প্ৰাপ্ত তথ্য মতে এম চি চি য়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আনহাতে বিভিন্ন চৰকাৰী সংস্থা আৰু সংবাদ মাধ্যমে বহুত আগৰে পৰাই বেটছমেনৰ স্থানত বেটাৰ শব্দ ব্যৱহাৰ কৰি আহিছে। উল্লেখ্য যে এম চি চি য়ে বেটছমেন আৰু বেটছউইমেনৰ ঠাইত বেটাৰ তথা বেটাৰ্ছ শব্দ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা বিচাৰ-বিবেচনা কৰি আছিল।
এম চি চি সহকাৰী সচিব জেমি কক্সৰ মতে বলাৰ আৰু ফিল্ডাৰ ৰ দৰে শব্দ আগৰে পৰাই লিংগ নিৰপেক্ষ। গতিকে এতিয়া বেটছমেন আৰু বেটছউইমেনৰ স্থানত “বেটাৰ” তথা “বেটাৰ্ছ” শব্দ ব্যৱহাৰে ক্ৰিকেটক সকলোৰে বাবে সমান হিচাপে আৰু অধিক আগবঢ়াই লৈ যাব বুলি আশা কৰা হৈছে।