বিশ্বকাপৰ পাছত পুনৰ এবাৰ জিলিকি উঠিল লিয়নেল মেছি ৷ আকৌ এবাৰ হেৰুৱালে কাইলিয়ান এমবাপে আৰু লগতে কৰিম বেনজেমাকো। ফিফাৰ বর্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিলে মেছিয়ে ৷
মেছিয়ে যোৱা ডিচেম্বৰ মাহত আৰ্জেণ্টিনাক বিশ্বকাপ চেম্পিয়ন কৰি তুলিছিল। ফাইনেলত আৰ্জেণ্টিনাই এমবাপেৰ ফ্ৰান্সক পৰাস্ত কৰে। মেছিয়ে দুটা গ’ল দিয়ে। এমবাপে হেট্ৰিক অৰ্জন কৰে। আনকি ডেৰ-দুমাহ পূৰ্বেও এমবাপে মেছিৰ পিছত ৰানাৰ্ছ আপ হৈ সন্তুষ্ট হ’বলগীয়া হৈছিল। এইবাৰো তেওঁ দ্বিতীয় স্থান লাভ কৰে।
মেছিয়ে ৫২ পইণ্ট সংগ্ৰহ কৰি এই বঁটা লাভ কৰে। এমবাপেই লাভ কৰে ৪৪ পইণ্ট। তৃতীয় স্থানত থকা বেঞ্জামিনে লাভ কৰে ৩৪ পইণ্ট। ইয়াৰ পিছতে আছে লুকা মড্ৰিচ (২৮), আৰ্লিং হালেণ্ড (২৪), ছাডিঅ’ মেনে (১৯), জুলিয়ান আলভাৰেজ (১৭), আশ্ৰাফ হাকিমি (১৫), নেইমাৰ (১৩), কেভিন দ্য ব্ৰুইন (১০), ভিনিচিয়াছ জুনিয়ৰ (১০), ৰবাৰ্ট লেৱাণ্ডোস্কি (৭), জুড বেলিংহাম (৩), মহম্মদ চালাহ (২)।
ইয়াৰ লগে লগে মেছিয়ে মুঠ ৭বাৰ ফিফাৰ বর্ষশ্ৰেষ্ঠ বঁটা লাভ কৰে। ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনৰ পিছত এইবাৰ তেওঁ এই সন্মান লাভ কৰে। ২০১৬ চনৰ পৰা ফিফাই ব্যক্তিগতভাৱে এই বঁটা প্ৰদান কৰি আহিছে। তাৰ আগতে ফিফাই আন এটা সংস্থাৰ সৈতে যৌথভাৱে এই বঁটা প্ৰদান কৰিছিল।
বিশ্বকাপৰ ফাইনেলত ১২০ মিনিটৰ অন্তত মেছিৰ ডাবল আৰু এমবাপেৰ হেট্ৰিকত ৩-৩ গ’লত ড্ৰ’ হয়। টাইব্ৰেকাৰত আৰ্জেণ্টিনাই ফ্ৰান্সক ৪-২ গ’লত পৰাস্ত কৰে। মেছিয়ে বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গোল্ডেন বল লাভ কৰে। তেওঁ মুঠ ৭টা গ’ল কৰে। তেওঁ কেইবাটাও অভিলেখ ভংগ কৰে। এমবাপে ৮টা গ’ল দি প্ৰতিযোগিতাখনৰ সৰ্বাধিক গ’লদাতা হিচাপে গোল্ডেন বুট লাভ কৰে।
তৃতীয় স্থানত থকা ফ্ৰান্সৰ বেনজেমা আঘাতৰ বাবে বিশ্বকাপত অংশ ল’ব নোৱাৰিলে। যোৱা ছিজনত তেওঁ ৰিয়েল মাদ্রিদক চেম্পিয়নছ লীগ আৰু স্পেনিছ লীগ খিতাপ দখল কৰিছিল৷