বছৰি ৩০০০ কোটি টকাৰ লোভ সামৰিছে ফুটবল তাৰকা লিয়নেল মেছিয়ে। ফ্ৰান্সৰ ক্লাব পেৰিছ ছেইণ্ট জাৰ্মেইনৰ পৰা মেছিক ক্ৰয় কৰিবলৈ আল হিলালে এই ধন প্ৰদান কৰিছিল ৷কিন্তু আল হিলাললৈ যোৱাৰ পৰিৱৰ্তে মেছিয়ে বহু কম পাৰিশ্ৰমিকত আমেৰিকান ক্লাব ইণ্টাৰ মিয়ামিৰ সৈতে চুক্তিবদ্ধ হয়।
আল হিলালে মেছিক কিমান টকা আগবঢ়াইছিল সেই সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আল-হিলাল কৰ্তৃপক্ষই এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে মেছিক তিনি বছৰৰ বাবে চুক্তিবদ্ধ কৰিব বিচাৰে। তেওঁলোকে তিনি বছৰৰ বাবে ১.৪ বিলিয়ন ইউৰো অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১২,৫৭৬ কোটি টকা আগবঢ়াইছিল। আল হিলাললৈ যোৱাৰ সময়ত আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে বছৰি ৪১৯২ কোটি টকা উপাৰ্জন কৰিব পাৰিলেহেতেন ।
ছৌদি ক্লাব আল নাছেৰত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ উপাৰ্জন ৬৪১ কোটি টকা। অৰ্থাৎ মেছিয়ে আল হিলাললৈ গ’লে ৰোনাল্ডোৰ প্ৰায় সাতগুণ টকা লাভ কৰিলেহেঁতেন। কিন্তু তেওঁ মিয়ামিত চুক্তিবদ্ধ হয়। কাৰণ মেছিৰ পৰিয়ালে তেওঁক আমেৰিকাত খেলাটো বিচাৰিছিল। ইয়াৰ উপৰিও মিয়ামিৰ অন্যতম মালিক ডেভিদ বেকহামৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ বাবেই মেছিয়ে তাত চুক্তিবদ্ধ হৈছিল। মিয়ামিত তেওঁ বছৰি ১২৩১ কোটি টকা লাভ কৰিব । অৰ্থাৎ মেছিয়ে বছৰি প্ৰায় ৩০০০ কোটি টকাৰ প্ৰস্তাৱ পৰিহাৰ কৰি মিয়ামিত যোগদান কৰিছিল ৷
এতিয়া মেছি নিজৰ দেশৰ হৈ খেলাত ব্যস্ত। ২০ জুনৰ পৰা আৰম্ভ হ’ব কোপা আমেৰিকা। আৰু এবাৰ কোপা জয় কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে মেছি। ক’পাৰ বাবে ২৬ জনীয়া আৰ্জেণ্টিনাৰ দলটো শনিবাৰে ঘোষণা কৰা হয়। আৰ্জেণ্টিনাৰ গ্ৰুপত আছে কানাডা, চিলি আৰু পেৰু। ২০ জুনত (২১ জুন আই এছ টিৰ আৰম্ভণিতে) কোপাৰ উদ্বোধনী মেচত আৰ্জেণ্টিনা আৰু কানাডা মুখামুখি হ’ব। ২৬ জুনত চিলি আৰু ৩০ জুনত পেৰুৰ বিৰুদ্ধে খেলিব মেছিৰ দলে ।