আৰ্জেণ্টিনাৰ লিয়োনেল মেছিয়ে ২৪ জুন অৰ্থাৎ আজি উদযাপন কৰিছে তেওঁৰ ৩৫ তম জন্মদিন । বিশ্ববিখ্যাৎ ফুটবলাৰজন বহুতৰ বাবেই ক্ৰীড়া জগতৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ।উল্লেখযোগ্য আৰ্জেণ্টিনাৰ কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল। তেওঁ আৰ্জেণ্টিনাক ফিফা ২০১৪ বিশ্বকাপৰ ফাইনেললৈ লৈ গৈছিল আৰু কোপা আমেৰিকা ২০২১ জিকি ৰাষ্ট্ৰীয় ট্ৰফীৰ বাবে তেওঁৰ দীঘলীয়া অপেক্ষাৰ সমাপ্তি ঘটাইছিল।
সমগ্ৰ বিশ্বতে জনপ্ৰিয় খেলুৱৈগৰাকী তেওঁৰ সহজাত ড্ৰিবলিং, দৃষ্টিশক্তি, পাছিং ক্ষমতা আৰু গ’ল-স্কোৰিং দক্ষতাৰ বাবে বিখ্যাত। ক্ৰীড়াংগনত যাদুকৰী চমক দেখুওৱা খেলুৱৈ গৰাকীয়ে এতিয়ালৈকে অসংখ্য অভিলেখ ভংগ কৰিছে ৷ মেছি পৃথিৱীৰ আটাইতকৈ সুসজ্জিত খেলুৱৈসকলৰ মাজৰ এজন। বাৰ্চিলোনাৰ বিখ্যাত যুৱ একাডেমী লা মাছিয়াৰ স্নাতক মেছিয়ে ১৭ বছৰ বয়সতে জ্যেষ্ঠ দলত আত্মপ্ৰকাশ কৰে।
সাতবাৰ বেলন ডি’অৰ ট্ৰফী জয় কৰি অভিলেখ সৃষ্টি কৰা লিয়োনেল মেছিয়ে বাৰ্চিলোনাৰ সৈতে ট্ৰেবল বিজয়ী ছিজনৰ পিছত ২০০৯ চনত তেওঁৰ প্ৰথম বেলন ডি’অৰ জিকিছিল আৰু পৰৱৰ্তী সময়ত ২০১০, ২০১১ আৰু ২০১২ চনতো তেওঁ একেৰাহে চাৰিটা বেলন ডি’অৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল।
বিখ্যাত এমএছএন (মেছি, চুয়াৰেজ, নেইমাৰ) তিনিওজনৰ সৈতে তেওঁৰ কেৰিয়াৰৰ দ্বিতীয় ট্ৰেবলটোৱে তেওঁক ২০১৫ চনত তেওঁৰ পঞ্চম খিতাপ জয় কৰাত সহায় কৰিছিল।অৱশ্যে তেওঁ তেওঁৰ ৬ষ্ঠ বেলন ডি’অৰ ট্ৰফী জয় কৰিবলৈ ২০১৯ লৈকে অপেক্ষা কৰিব লগা হৈছিল আৰু ২০২১ চনত তেওঁ সপ্তমবাৰৰ বাবে এই ট্ৰফী জয় কৰি অভিলেখ সৃষ্টি কৰিছিল।
মেছিয়ে বাৰ্চিলোনাৰ হৈ মুঠ ৭২৪খন খেলত ৬৩০গ’ল কৰিছে ৷ সেই হিচাপত তেওঁৰ প্ৰতিখন খেলৰ গড় ০.৮৭ গ’ল। তেওঁ স্পেনিছ খেলুৱৈসকলৰ বাবে সৰ্বকালৰ শীৰ্ষ স্কোৰাৰ। কাৰণ তেওঁ স্পেইনৰ শীৰ্ষ ফ্লাইট লীগ, লা-লিগাত ৪৪৩ গ’লৰ সৈতে সৰ্বাধিক সংখ্যক গ’ল কৰিছে।
৮৬ টা আন্তঃৰাষ্ট্ৰীয় গ’লৰ সৈতে আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় দলৰ হৈ সৰ্বকালৰ গ’ল সংগ্ৰাহকৰ ৰেংকিঙৰ দিশে আগবাঢ়ি আছে মেছী। এই গ’ল সমূহৰ ভিতৰত ফিফা বিশ্বকাপত ছয়টা আৰু কোপা আমেৰিকাত নটা গ’ল কৰিছিল বিশিষ্ট খেলুৱৈগৰাকীয়ে ।
তেওঁ ২০১২ চনত মাত্ৰ ৬৯ খন খেলত ৯১ টা গ’ল কৰিবলৈ সক্ষম হৈছিল। মেছীৰ এই অভূতপূৰ্ব প্ৰদৰ্শনক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা এজন ব্যক্তিগত খেলুৱৈৰ বৰ্ষটোৰ সৰ্বাধিক গ’ল হিচাপে স্বীকৃতি দিয়া হয়। ৯১টা ষ্ট্ৰাইকৰ ভিতৰত ৭৯ টা বাৰ্চিলোনাৰ আৰু বাকী ১২টা আছিল ৰাষ্ট্ৰীয় দলৰ সৈতে ।
জনপ্ৰিয় ফুটবলাৰ মেছি হৈছে একমাত্ৰ খেলুৱৈ যিয়ে এটা ছিজনতে চাৰিটাকৈ সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে বেলন ডি’অৰ, ফিফা বিশ্বকাপ, পিচিচি ট্ৰফী আৰু গোল্ডেন বুট বঁটা। আনহাতে ২০০৯-১০ বৰ্ষত তেওঁ বাৰ্চিলোনাৰ সৈতে ট্ৰেবল জিকিছিল।
পণ্ডিতসকলে মেছিক সম্পূৰ্ণ খেলুৱৈ বুলি কোৱাৰ কাৰণ হ’ল তেওঁ কেৱল গ’ল কৰিবৰ বাবেই নেখেলে ৷ তেওঁ বিশ্বৰ শীৰ্ষ ক্ৰীড়াবিদসকলৰ মাজৰ এজন ক্ৰীড়াবিদ ৷ যি ক্ৰীড়াৰ ইতিহাসত নিজস্ব প্ৰদৰ্শনেৰে ,উদ্যমেৰে ,এক নিজস্ব শৈলীৰে খেল প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে এগৰাকী শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।খেলুৱৈগৰাকীৰ ৩৫তম জন্মদিন যাঁচিলো হিয়াভৰা শুভকামনা ৷