বিশ্ব ক্ৰীড়াত দেশবাসীৰ মান ৰখা মনিপুৰৰ বক্সাৰ মীৰাবাঈ চানুৱে কিছুদিন পূৰ্বে টুইটাৰ যোগে প্ৰকাশ কৰিছিল যে তেওঁ সেই ট্ৰাক চালক সকলক সহায় কৰিব বিচাৰে যিসকলে তেওঁক সৰুতে ক্ৰীড়া একাডেমীলৈ অনা-নিয়া কৰাত সহায় কৰিছিল।
আৰু অৱশেষত বৃহস্পতি বাৰে সেই ট্ৰাক চালক সকলৰ সৈতে মুখামুখি হ‘ল বিশ্বখ্যাত অলিম্পিয়ান মীৰাবাঈ চানু।কিন্তু কিয় লগ কৰিলে এই ট্ৰাক চালক সকলক?
ইয়াৰ অন্তৰালত যেতিয়া মীৰাবাঈ চানু সৰু আছিল তেতিয়া তেওঁলোকৰ পৰিয়ালটো উপাৰ্জনৰ বাবে ঘৰৰ ওচৰতে গুমটি আকাৰৰ এখন সৰু চাহৰ দোকান দিছিল।আৰু প্ৰতিদিনে দোকানখনৰ সন্মুখেৰে পাৰ হৈ গৈছিল বালি কঢ়িয়াই নিয়া অসংখ্য ট্ৰাক।
ইম্ফললৈ বালি কঢ়িয়াই নিয়া এই ট্ৰাকৰ চালক সকল সদায় মীৰাবাঈৰ মাকৰ চাহৰ দোকানৰ সন্মুখত চাহ খাবৰ বাবে ৰৈছিল আৰু চাহ খাই গুচি গৈছিল।সেই সময়ত মীৰাবাঈ চানুৰ ক্ৰীড়া পশিক্ষণ কেন্দ্ৰটো প্ৰায় ৩০ কিল‘মিটাৰ দূৰৈত আছিল।
ইমান দূৰ বাট যাবলৈ অপাৰগ মীৰাবাঈ চানুৱে সদায় এখন বালি কঢ়িয়াই নিয়া ট্ৰাকত উঠি ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰলৈ গৈছিল।প্ৰশিক্ষণ সামৰি পুনৰ এনে একোখন ট্ৰাকত উঠি ঘৰলৈ উভটি আহিছিল।
যিহেতু সেই সময়ত ৰাজহুৱা পৰিবহন ব্যৱস্থা ইমান সুচল নাছিল আৰু অৰ্থনৈতিক অভাৱত থকা পৰিয়ালটোত ব্যক্তিগতভাৱে এখন গাড়ী লৈয়ো যাব পৰা অৱস্থাত নাছিল খেলুৱৈ গৰাকী।
সুদীৰ্ঘ সময় এনেদৰে ট্ৰাকত অহা-যোৱা কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যদিও কোনো বিপদত পৰা নাছিল খেলুৱৈ গৰাকী।সেই ট্ৰাক চালক সকলৰ সহায় নোপোৱা হলে হয়তো আজি মীৰাবাঈ চানুৰ এই প্ৰাপ্তি সম্ভৱ নহ’লহেঁতেন।
পদক জয় কৰি অহাৰ পিছত মীৰাবাঈ চানুৱে এইসকল ট্ৰাক চালকক লগ কৰি সহায় কৰিবলৈ টুইট যোগে মত প্ৰকাশ কৰিছিল।সেইমতেই বৃহস্পতি বাৰে সকলো ট্ৰাক চালকক নিজ গৃহত লগ কৰে খেলুৱৈ গৰাকীয়ে।
এনেকৈ চালক সকলক লগ কৰি নষ্টালজিক হৈ পৰা অলিম্পিয়ান গৰাকীয়ে তেওঁলোকে কৰা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি সকলোকে পুৰস্কৃত কৰে।