আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে পাকিস্তানৰ অলৰাউণ্ডাৰ মহম্মদ হাফিজে ৷ ইয়াৰ লগে লগে তেওঁৰ ১৮ বছৰীয়া এক বর্ণিল পৰিক্ৰমাৰ সমাপ্তি ঘটিল ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও টি-২০ ফ্ৰেঞ্চাইজি ক্ৰিকেটত তেওঁ অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে ৷
২০০৩ চনত জিম্বাবোৱেৰ বিৰুদ্ধে এদিনীয়া খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা হাফিজে যোৱা নৱেম্বৰত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। তেওঁ প্ৰথমতে ঘোষণা কৰিছিল যে ২০২০ চনৰ টি-২০ বিশ্বকাপ তেওঁৰ অন্তিম মেচ হ’ব ৷ কিন্তু ক’ভিডৰ বাবে প্ৰতিযোগিতাখন পিছুৱাই দিয়াত তেওঁ কিছুদিন অপেক্ষা কৰিবলগীয়া হয় ৷ । তেওঁ ৫৫ খন টেষ্ট, ২১৮ খন এদিনীয়া আৰু ১১৯ খন টি-২০ খেলি মুঠ ১২,৭৮০ ৰাণ আৰু ২৫৩ টা উইকেট সংগ্ৰহ কৰি কেৰিয়াৰ সমাপ্ত কৰে।
অৱসৰৰ কথা ঘোষণা কৰি তেওঁ কয় “আজি মই গৌৰৱ আৰু সন্তুষ্টিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছো ৷ প্ৰকৃততে মই আৰম্ভণিতে কল্পনা কৰাতকৈ অধিক সফলতা অৰ্জন কৰিছো ৷ ইয়াৰ বাবে মই মোৰ সকলো সহযোগী ক্ৰিকেটাৰ, অধিনায়ক, সহায়ক কৰ্মচাৰী আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞ ৷” ১৮ বছৰ ধৰি পাকিস্তানৰ জার্চী পৰিধান কৰি দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱান্বিত বুলিও তেওঁ প্ৰকাশ কৰে ৷