টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক কৃতিত্বৰ অধিকাৰী হ’ল ভাৰতীয় বলাৰ মহম্মদ শ্বামী ৷ চেঞ্চুৰিয়ানৰ চুপাৰস্পৰ্ট পাৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত ২০০ টা টেষ্ট উইকেট দখলৰ সংখ্যা স্পর্শ কৰিবলৈ সক্ষম হ’ল তেওঁ ৷ এই অভিলেখ ৰচনা কৰাৰ পাছতে বলাৰ গৰাকীয়ে এই সাফল্য উচর্গা কৰিছে পিতৃৰ নামত ৷ তৃতীয় দিনৰ খেলৰ অন্তত বলিং প্ৰশিক্ষক পাৰছ মাম্ব্ৰেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বামীয়ে এই কথা প্ৰকাশ কৰে ৷ বলাৰগৰাকীৰ পিতৃৰ ২০১৭ চনত মৃত্যু হৈছিল ৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় “মোৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব মোৰ পিতৃৰ ৷ মোক অতি আদৰ –সাদৰেৰে তেওঁ দাঙৰ-দীঘল কৰিছে ৷ মই মাত্ৰ মোৰ দেউতাক কৃতিত্ব দিব বিচাৰিছিলো কিয়নো তেওঁ মোৰ জীৱনৰ সমগ্ৰ যাত্ৰাত সদায় আর্শীবাদ দি আহিছে ৷“
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্টৰ তৃতীয় দিনা শ্বামীৰ প্ৰদর্শন আছিল অত্যন্ত প্ৰশংসনীয় ৷ তেওঁৰ পৰাক্ৰমী বলিঙৰ বাবেই ১৯৭ ৰাণতে দক্ষিণ আফ্ৰিকাক আউট কৰাত আৰু বক্সিং ডে টেষ্টত ১৩০ ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰাত ভাৰতক সহায় কৰিছিল ৷ মেচখনত পাঁচটা উইকেট তেওঁ দখল কৰিছিল। ৩১ বছৰীয়া কাগিচো ৰাবাডাক আউট কৰি শ্বামীয়ে ২০০ তম উইকেটৰ সীমাত উপনীত হয়।শ্বামীয়ে কয় যে দলটোক অগ্ৰগতি প্ৰদান কৰাত অৱদান আগবঢ়াবলৈ পায় তেওঁ “গৌৰৱান্বিত”।
তেওঁ কয় “মই টেষ্ট ক্ৰিকেটত ২০০ টা উইকেট দখল কৰাত উপনীত হ’ব পৰাটো এক সুন্দৰ অনুভৱ। যেতিয়া মই টেষ্টত ১০০ টা উইকেট লৈছিলো, মই ভাবিছিলো যে মই কিবা এটা অৰ্জন কৰিছো ৷ এতিয়া ২০০ উইকেট দখল কৰাৰ পাছত মই অত্যন্ত আনন্দ অনুভৱ কৰিছো ৷ “উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰজনে তেওঁৰ ১০ অভাৰত ৪৪ ৰাণত ৫ উইকেট দখল কৰাৰ পাছতে ভাৰতীয় দলটোৰ আধিপত্য অধিক শক্তিশালী হৈ পৰে ৷