আকর্ষনীয় ব্যক্তিত্ব-নম্ৰ ব্যৱহাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ সর্বশ্ৰেষ্ঠ অধিনায়ক সকলৰ ভিতৰত সুকীয়া স্থান দখল কৰি আহিছে মহেন্দ্ৰ সিং ধোনীয়ে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ মাজতো আছে ধোনীৰ বিশেষ সমাদৰ ৷
শেহতীয়াকৈ অনুষ্ঠিত টি-২০ বিশ্বকাপৰ সময়ত ড্ৰেছিং ৰুমত ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ সৈতে পুনৰ একেলগে দেখা গৈছিল ধোনীক । টীম ইণ্ডিয়াৰ পৰামৰ্শদাতা হিচাপে তেওঁ তাত উপস্থিত থকাৰ সময়ত বিৰোধী ক্ৰিকেট দলসমূহৰ বহুতো খেলুৱৈয়ে প্ৰাক্তন অধিনায়কজনৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছিল ৷
বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলাৰ পিছত জ্যেষ্ঠ ক্ৰিকেটাৰ বাবৰ আজম আৰু ছোৱেইব মালিককে ধৰি বহুতো খেলুৱৈয়ে ধোনীৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছিল। আনহাতে শুকুৰবাৰে, পাকিস্তান দলৰ পেচাৰ হৰিছ ৰৌফে এম এছ ধোনীৰ স্বাক্ষৰ সম্বলিত চেন্নাই ছুপাৰ কিংছৰ জাৰ্চীৰ এখন ফটো শ্বেয়াৰ কৰে ৷
ৰৌফে টুইটাৰত জার্চীটোৰ ফটো আপলোড কৰি কয় , ” কিংবদন্তী ক্ৰিকেটাৰ আৰু কেপ্টেইন কুল ধোনীয়ে মোক তেওঁৰ চাৰ্টৰ এই সুন্দৰ উপহাৰেৰে সন্মানিত কৰিছে। ৭ সংখ্যাটোৱে এতিয়াও তেওঁৰ মৰম আৰু সদ্ভাৱনা প্ৰদর্শন কৰি আহিছে ৷” ইফালে, ধোনীয়ে এই বছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পুনৰ উভতি আহিব বুলি আশা কৰা হৈছে। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই বছৰৰ মেগা-নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিৰ তালিকাৰ চাৰিজন খেলুৱৈৰ ভিতৰত চিএছকেৰ অধিনায়ক ধোনীয়ো এজন ৷